
দেশখনৰ ৰাজধানী কাবুলত আক্ৰমণ তালিবানী সন্ত্ৰাসবাদীৰ। কাবুলৰ এটা এনজিঅ’ত আক্ৰমণ কৰে সন্ত্ৰাসবাদীৰ দলটোৱে।
দেশখনৰ ৰাজধানী কাবুলত আক্ৰমণ তালিবানী সন্ত্ৰাসবাদীৰ। কাবুলৰ এটা এনজিঅ’ত আক্ৰমণ কৰে সন্ত্ৰাসবাদীৰ দলটোৱে।
পুনৰ তালিবানৰ আক্ৰমণৰ বলি হ’ল আফগানিস্তান । দেশখনৰ ৰাজধানী কাবুলত আক্ৰমণ তালিবানী সন্ত্ৰাসবাদীৰ। কাবুলৰ এটা এনজিঅ’ত আক্ৰমণ কৰে সন্ত্ৰাসবাদীৰ দলটোৱে। কাবুলত অৱস্থিত 'কাউন্টাৰপাৰ্ট ইন্টাৰনেচনেল' নামৰ এটা এনজিঅ’ত কৰা আক্ৰমণৰ ফলত
৫ জনকৈ লোক থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় ২৪ জন। আক্ৰমণৰ সময়ত সৌভাগ্যক্ৰমে আফগান সেনাই এনজিঅ’টোৰ ২০০ কৰ্মচাৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি বুধবাৰে দুপৰীয়া এখন বাহনেৰে আহি আক্ৰমণ চলাইছিল সন্ত্ৰাসবাদীৰ দলটোৱে। আক্ৰমণত চাৰিজন সন্ত্ৰাসবাদীও নিহত হৈছে বুলি দাবী কৰে আফগান চৰকাৰে।
আক্ৰমণৰ ফলত চহৰখনৰ আকাশ ক’লা ধোঁৱাৰে আৱৰি ধৰে । ঘটনাৰ পিছত 'কাউন্টাৰপাৰ্ট ইন্টাৰনেচনেল' নামৰ এনজিঅ’টোৱে জনাই যে ১২ বছৰ ধৰি আফগানিস্তানত কাম কৰি থকা সময়ছোৱাত প্ৰথমবাৰলৈ তেওঁলোকে এনে ভয়াৱহ আক্ৰমণৰ বলি হ’ব লগা হ’ল ।
Published by:Dulu Medhi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|