உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • Ashraf Ghani Afghanistan: হেলিকপ্টাৰ–গাড়ীভৰ্তি টকা লৈ পলায়ন! গোপন আশ্ৰয়ৰ পৰা কি ক’লে ‘ভিলেইন’ গণিয়ে

    Ashraf Ghani Afghanistan: হেলিকপ্টাৰ–গাড়ীভৰ্তি টকা লৈ পলায়ন! গোপন আশ্ৰয়ৰ পৰা কি ক’লে ‘ভিলেইন’ গণিয়ে

    তেওঁ দাবী কৰিছে, দেশৰ মানুহৰ সৈতে তেওঁ কোনো ‘গাদ্দাৰি’ কৰা নাই।

    তেওঁ দাবী কৰিছে, দেশৰ মানুহৰ সৈতে তেওঁ কোনো ‘গাদ্দাৰি’ কৰা নাই।

    তেওঁ দাবী কৰিছে, দেশৰ মানুহৰ সৈতে তেওঁ কোনো ‘গাদ্দাৰি’ কৰা নাই।

    • Share this:
    তালিবানীৰ ভয়ত কাবুলৰ পৰা পলাই তাজাকিস্তালৈ যোৱাৰ চেষ্টা কৰিছিল আফগানিস্তানৰ সদ্য ক্ষমতাচ্যূত ৰাষ্ট্ৰপতি আছৰাফ গণিয়ে। তাত আশ্ৰয় নাপাই বিমান ঘূৰাই ওমানলৈ যায়। তাৰ পিছত তেওঁৰ সন্ধান পোৱা হোৱা নাছিল। কিন্তু সম্প্ৰতি তেওঁ পৰিয়ালসহ সংযুক্ত আৰৱ আমিৰশ্বাহিত আছে বুলি জনা গৈছে। বুধবাৰে ইউ এ ই চৰকাৰৰ ফালৰ পৰা জনোৱা হয়, আছৰাফ গণি তেওঁলোকৰ দেশত আছে। মানৱতাৰ তাগিদাতে গণিক আশ্ৰয় দিয়া হৈছে। আৰু ইয়াৰ পিছতে পোহৰলৈ আহিছে গণিৰ বহুকেইটা মন্তব্য। য’ত তেওঁ দাবী কৰিছে, দেশৰ মানুহৰ সৈতে তেওঁ কোনো ‘গাদ্দাৰি’ কৰা নাই। যদিও আফগানসকলে কৈছে, গণিয়ে তেওঁলোকৰ অনিশ্চিত ভৱিষ্যৎ আৰু মৃত্যুৰ দিশে ঠেলি দিছে।

    গণিয়ে টুইট কৰি জনাইছিল দেশবাসীৰ উদ্দেশ্যে ভাষণ দিব বুলি। কিন্তু তাৰ পূৰ্বেই তেওঁৰ বক্তব্য প্ৰকাশ হয় ভিডিঅ’ বাৰ্তাত। তাত তেওঁ কৈছে, ‘নিৰাপত্তা বাহিনীৰ হাতত দেশক গতাই আহিছিলো। সেয়ে তালিবানে মোক বিচাৰিছিল। ২৫ বছৰ পূৰ্বে আফগানিস্তানত যি হৈছিল, তাৰেই পুনৰাবৃত্তি হ’ল।’ গণিয়ে আৰু কয়, ‘ৰক্তপাত বিচৰা নাছিলো। তালিবানৰ হাতত শান্তিপূৰ্ণভাৱে ক্ষমতা তুলি দিব বিচাৰিছিলো। কিন্তু সেয়া নহ’ল।’

    আফগানিস্তানৰ ৰাষ্ট্ৰপতি আছৰাফ গণিয়ে দেশ ত্যাগৰ সময়ত চাৰিখন গাড়ী আৰু এখন হেলিকপ্টাৰভৰ্তি নগদ ধন লৈ যায় বুলি অভিযোগ উঠিছে। আল জাজিৰাৰ এক প্ৰতিবেদনত কোৱা হৈছে, হেলিকপ্টাৰত ঠাই নোহোৱাৰ বাবে কিছু ধন পেলিপেডতে পেলাই থৈ যাবলৈ বাধ্য হৈছিল আফগান ৰাষ্ট্ৰপতিগৰাকীয়ে। চাৰিখন গাড়ীত আছিল নগদ ধন। তেওঁলোকে নগদ ধনৰ আৰু এটা অংশ হেলিকপ্টাৰত ভৰোৱাৰ চেষ্টা কৰিছিল। কিন্তু ঠাই নোহোৱাত পেলাই থৈ যায়। এই অভিযোগক লৈও মুখ খুলিছে গণিয়ে। ক’লে, ‘দেশৰ কোনো ধন মই লগত লৈ অহা নাই।’
    Published by:Sanjay Kumar Das
    First published: