আফগানিস্তানত হোৱা বিধ্বংসী ভূমিকম্পত (Earthquake in Afghanistan) নিহতৰ সংখ্যা ১,০০০ লৈ বৃদ্ধি পাইছে, আনহাতে ১,৫০০ জন লোক আহত হোৱা বুলি কোৱা হৈছে। সংবাদ সংস্থা এছ'চিয়েটেড প্ৰেছৰ মতে, ৬.১ প্ৰাবল্যৰ ভূমিকম্পটোৱে পাকিস্তানৰ সীমান্তৱৰ্তী পূৱ আফগানিস্তানৰ গ্ৰাম্য আৰু পাহাৰীয়া অঞ্চলত আঘাত কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ (ইউএছজিএছ) অনুসৰি, ভূমিকম্পৰ কেন্দ্ৰস্থল আফগান চহৰ খোষ্টৰ পৰা ৪০ কিলোমিটাৰ দূৰত আছিল।
আফগান কৰ্তৃপক্ষৰ মতে, দেশখনত হোৱা ভূমিকম্পৰ ফলত বহুতো ঘৰ খহি পৰিছে আৰু ধ্বংসাৱশেষৰ ফলত বহু লোকে প্ৰাণ হেৰুৱাইছে। বৰ্তমান সাহায্য আৰু উদ্ধাৰ চলি আছে। সম্ভাৱনা আছে যে মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে। উদ্ধাৰ অভিযানৰ বাবে ঘটনাস্থলীলৈ হেলিকপ্টাৰ প্ৰেৰণ কৰা হৈছে।
তালিবান চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ মুৰব্বী মহম্মদ নাছিম হাক্কানীয়ে কৈছিল যে বেছিভাগ মৃত্যু চুবুৰীয়া প্ৰদেশ পাকটিকাত নিশ্চিত কৰা হৈছিল। চাৰিখন জিলাত কেইবাজনো লোক নিহত আৰু আহত হৈছিল। ইউৰোপীয় ভূমধ্যসাগৰীয় ভূকম্পন কেন্দ্ৰই কৈছিল যে ভূমিকম্পৰ প্ৰভাৱ ৫০০ কিলোমিটাৰলৈকে পৰিসৰত আছিল।
Published by: Kokil Sarma
FIRST PUBLISHED : June 22, 2022, 23:51 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।