মুখ্যপৃষ্ঠা » খবৰ

» বিশ্ব

»তালিবান চৰকাৰৰ শপতগ্ৰহণ কিয় হ'ব পাৰে তৃতীয় বিশ্বযুদ্ধৰ কাৰক? আমেৰিকাবিৰোধী শক্তিক কিয় একগোট কৰিছে তালিবানে?

তালিবান চৰকাৰৰ শপতগ্ৰহণ কিয় হ'ব পাৰে তৃতীয় বিশ্বযুদ্ধৰ কাৰক? আমেৰিকাবিৰোধী শক্তিক কিয় একগোট কৰিছে তালিবানে?

News18 Assam | News18-Assam
Updated:September 7, 2021, 8:36 AM IST
তালিবান চৰকাৰৰ শপতগ্ৰহণ কিয় হ'ব পাৰে তৃতীয় বিশ্বযুদ্ধৰ কাৰক? আমেৰিকাবিৰোধী শক্তিক কিয় একগোট কৰিছে তালিবানে?
একাংশ আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞৰ মতে, আমেৰিকাবিৰোধী শক্তিক একগোট কৰি তালিবানে বিশ্বক দেখুৱাব বিচাৰিছে শক্তি।

একাংশ আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞৰ মতে, আমেৰিকাবিৰোধী শক্তিক একগোট কৰি তালিবানে বিশ্বক দেখুৱাব বিচাৰিছে শক্তি।

  • Share this:
পঞ্জশিৰত তালিবানে পাকিস্তানী বায়ুসেনাৰ সহায়ত বিজয় স্যবস্ত কৰাৰ পিছতে আফগানিস্তানত তালিবানে চৰকাৰ গঠন কৰাটো নিশ্চিত হ'ল। দীৰ্ঘদিন ধৰি তালিবানে পঞ্জশিৰ দখল কৰিব পৰা নাছিল যদিও অৱশেষত পাকিস্তানী বায়ুসেনাৰ সহায়ত পঞ্জশিৰ দখল কৰাৰ কথা নিশ্চিত কৰিছে তালিবানী প্ৰশাসনে।

ইতিমধ্যে পঞ্জশিৰৰ আটাইকেইখন জিলা তালিবানে দখল কৰা বুলি তালিবানৰ প্ৰবক্তা জবিউল্লা মুজাহিদীনে জনাইছে। ইয়াৰ পিছতে তালিবানে চৰকাৰ গঠনৰ বাবে শপতগ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰিছে। পিছে এই শপতগ্ৰহণ অনুষ্ঠানলৈ কোনো ইউৰোপীয় দেশক আমন্ত্ৰন জনোৱা হোৱা নাই। আমন্ত্ৰন জনোৱা হোৱা নাই ছুপাৰ পাৱাৰখ্যাত আমেৰিকাকো।

ইয়াৰ বিপৰীতে তালিবানে আমন্ত্ৰন জনাইছে আমেৰিকাৰ বিৰোধী দেশ ৰাছিয়া আৰু চীনৰ লগতে তুৰ্কী, কাটাৰ, ইৰাণৰ লগতে তালিবানৰ চিৰবন্ধু পাকিস্তানক। এতিয়া সমগ্ৰ বিশ্বতে তালিবানৰ এই শপতগ্ৰহণ অনুষ্ঠানক লৈ চৰ্চা চলিছে। সকলোৰে মনত প্ৰশ্ন তালিবানে ইয়াৰ জৰিয়তে কি বুজাব বিচাৰিছে।

একাংশ আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞৰ মতে, আমেৰিকাবিৰোধী শক্তিক একগোট কৰি তালিবানে বিশ্বক দেখুৱাব বিচাৰিছে শক্তি। অৱশ্যে, শেহতীয়াভাৱে পঞ্জশিৰ দখলৰ বাবে তালিবানে বহু নিৰীহ নাগৰিকক হত্যা কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে ইৰাণে। ইৰাণে পৰোক্ষভাৱে পাকিস্তানী বায়ু সেনাই কৰা আক্ৰমণৰো বিৰোধিতা কৰিছে। কিন্তু তালিবানৰ দৰে সন্ত্ৰাসবাদত বিশ্বাসী শক্তিৰ সৈতে যদি ৰাছিয়াৰ দৰে শক্তিধৰ দেশৰ বন্ধুত্ব হয় তেনেহ'লে ই অনাগত সময়ত বিশ্বৰ বাবে শুভলক্ষণ নহয়। কাৰণ তালিবানক উচতাই যুদ্ধ-বিগ্ৰহ কৰাবলৈ চীন আৰু পাকিস্তানৰ দৰে দেশ আছেই। ইপিনে তালিবানৰ এই কাৰ্যত চিন্তিত হৈ পৰিছে আমেৰিকাৰ লগতে আন ইউৰোপীয় দেশসমূহো। গতিকে এতিয়া তালিবানৰ শপতগ্ৰহণ অনুষ্ঠানক  তৃতীয় বিশ্বযুদ্ধৰ কাৰক হ'ব পাৰে বুলিও আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞসকলে আশংকা প্ৰকাশ কৰিছে।
Published by: Sanjay Kumar Das
First published: September 7, 2021, 8:36 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি