তালিবানসকলে আফগানিস্তান দখল কৰাৰ পিছৰে পৰা অশান্ত কাবুল। তালিবানী শাসনৰ পৰা মুক্তি পাবলৈ আফগানসকলৰ বহুতেই দেশ ত্যাগ কৰিবলৈ বাধ্য হৈছে। তালিবানসকলে আফগানিস্তান দখল কৰাৰ পিছৰে পৰা অশান্ত কাবুল। তালিবানী শাসনৰ পৰা মুক্তি পাবলৈ আফগানসকলৰ বহুতেই দেশ ত্যাগ কৰিবলৈ বাধ্য হৈছে। মঙলবাৰে কাবুলৰ হামিদ কাৰজাই আন্তৰ্জাতিক বিমানবন্দৰত পৰি থকা অৱস্থাত উদ্ধাৰ হয় এটি ৭ মহীয়া কন্যা শিশু। বিমানবন্দৰৰ কৰ্মীয়ে কান্দি থকা শুনি উদ্ধাৰ কৰে শিশুটিক। বহু সময় ধৰি বিমানবন্দৰৰ এটা কোণৰ পৰা কণমানিৰ কান্দোনৰ শব্দ ভাহি আহিছিল। সেই কান্দোনৰ উৎসৰ সন্ধান কৰিবলৈ গৈ আচৰিত হৈ পৰে কৰ্মীসকল। শিশুটিক উদ্ধাৰ কৰা হৈছে যদিও পিতৃ–মাতৃৰ কোনো সন্ধান পোৱা নাই।
কৰ্তব্যৰত কৰ্মীসকলৰ অনুমান, সোমবাৰে কাবুলৰ বিমানবন্দৰত হাজাৰ হাজাৰ মানুহৰ ভিৰৰ মাজত শিশুটি পিতৃ–মাতৃৰ পৰা হেৰাই যায়। তাৰ পিছত কোনো প্ৰকাৰে শিশুটি তেওঁলোকৰ পৰা বিচ্ছিন্ন হৈ যায়। উদ্ধাৰ হোৱা কন্যা শিশুটিৰ এখন ফটো ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। ফটোত দেখা গৈছে, প্লাষ্টিকৰ গাখীৰৰ ট্ৰেত শুই কান্দি আছে শিশুটিয়ে।
তালিবানসকলে আফগানিস্তান দখল কৰাৰ পিছৰে পৰা অশান্ত কাবুল। তালিবানী শাসনৰ পৰা মুক্তি পাবলৈ আফগানসকলৰ বহুতেই দেশ ত্যাগ কৰিবলৈ বাধ্য হৈছে। ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে দেশখনৰ পৰিৱেশ। দেশ দখল কৰি আনন্দ কৰিছে তালিবানীসকলে। আফগানবাসীয়ে তালিবানী শাসনৰ পৰা ওলাই কোনো দেশত আশ্ৰয় ল’ব বিচাৰিছে। এই পৰিস্থিতিত কাবুল বিমানবন্দৰত প্ৰবল ভিৰ। প্ৰাণ বচাবলৈ জীৱনকো তুচ্ছজ্ঞান কৰি বিমানৰ ইঞ্জিনৰ ওপৰত বহি যাত্ৰা কৰাৰ ফলত মৰ্মান্তিক মৃত্যু হৈছে তিনি আফগানী লোকৰ। এই সকলো ঘটনাৰ মাজতে এতিয়া পোহৰলৈ আহিছে বিমানবন্দৰত পৰি থকা শিশুটিৰ ভিডিঅ’।
Published by: Sanjay Kumar Das
First published: August 18, 2021, 09:14 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|