• Home
  • »
  • News
  • »
  • world
  • »
  • Afghanistan Crisis: কাবুল বিমানবন্দৰৰ ৩টা ভিডিঅ'ই উদঙাইছে আফগান নাগৰিকৰ অবৰ্ণনীয় দুৰ্দশা

Afghanistan Crisis: কাবুল বিমানবন্দৰৰ ৩টা ভিডিঅ'ই উদঙাইছে আফগান নাগৰিকৰ অবৰ্ণনীয় দুৰ্দশা

আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি ৬৫খন দেশে তালিবানসকলক জনাইছে এনে অনুৰোধ।

আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি ৬৫খন দেশে তালিবানসকলক জনাইছে এনে অনুৰোধ।

আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি ৬৫খন দেশে তালিবানসকলক জনাইছে এনে অনুৰোধ।

  • Share this:
তালিবানে আফগানিস্তানৰ ৰাজধানী কাবুল দখল কৰাৰ পিছতে হাজাৰ হাজাৰ লোক পলাই যাবলৈ চহৰখনৰ বিমানবন্দৰত ভিৰ কৰিছে। এনে পৰিস্থিতিত আজি কমেও পাঁচজন লোকৰ মৃত্যু হয়। কি কাৰণত লোকসকলৰ মৃত্যু হৈছে জানিব পৰা হোৱা নাই।

উল্লেখ্য আজি বিমানবন্দৰত ভিৰ কৰা লোকসকলক নিয়ন্ত্ৰণ কৰিবলৈ আমেৰিকান সেনাই শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয়। কালি কাবুল দখল কৰাৰ পিছৰে পৰা তালিবানসকলক কাবুল বিমানবন্দৰত দেখা গৈছে। চহৰখনৰ বাসিন্দাসকলে যিকোনো প্ৰকাৰে বিমানত উঠি দেশ এৰাৰ বাবে চলোৱা চেষ্টাৰ দৃশ্যই আফগানিস্তানৰ উদ্বেগজনক পৰিৱেশ পোহৰলৈ আনিছে।




কাবুল বিমানবন্দৰত ভিৰৰ বহুকেইটা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। বিমানত উঠিবলৈ শ শ লোকে বিমানৰ চিৰিত ভিৰ কৰে। কোনে প্ৰথমে উঠিব তাকে লৈ সৃষ্টি হয় হেঁচা–ঠেলা।




ইফালে আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি ৬৫খন দেশে তালিবানসকলক আফগানিস্তান এৰিব বিচৰা লোকসকলক বাধা নিদিবলৈ আহ্বান জনাই বিবৃতি দিছে। দেশসমূহে কৈছে যে যিসকলে দেশ এৰিব বিচাৰে, তেওঁলোকে সন্মুখীন হোৱা যিকোনো নিৰ্যাতনৰ দায়িত্ব তালিবানে ল'ব লাগিব।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি