গুলী ফুটাই ক্ৰিকেটৰ আনন্দ উদযাপন আফগানিস্তানৰ লোকৰ

বিগত বছৰ কোৱালিফাইং মেচত আয়াৰলেণ্ডক পৰাস্ত কৰি বিশ্ব কাপত নিজৰ স্থান সুনিশ্চিত কৰিছিল। শণিবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন মেচ আফগানিস্তানৰ।

news18
Updated:June 1, 2019, 8:04 AM IST
গুলী ফুটাই ক্ৰিকেটৰ আনন্দ উদযাপন আফগানিস্তানৰ লোকৰ
বিগত বছৰ কোৱালিফাইং মেচত আয়াৰলেণ্ডক পৰাস্ত কৰি বিশ্ব কাপত নিজৰ স্থান সুনিশ্চিত কৰিছিল। শণিবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন মেচ আফগানিস্তানৰ।
news18
Updated: June 1, 2019, 8:04 AM IST
আইচিচি ক্ৰিকেট ৱৰ্ল্ড কাপ ২০১৯ৰ ৱাৰ্ম আপ মেচত যেতিয়া আফগানিস্তানে পাকিস্তানক পৰাস্ত কৰে তেতিয়া সমগ্ৰ দেশত গুলী ফুটাই ক্ৰিকেটপ্ৰেমীয়ে আনন্দ উদযাপন কৰে। সেই নিশা পিষ্টল, শ্বটগান আৰু একে–৪৭ৰ গুলীৰে সমগ্ৰ পৰিৱেশ গৰম হৈ উঠে। সমগ্ৰ দেশে ক্ৰিকেটৰ আনন্দ উদযাপন কৰি আছিল। দীঘলীয়া সময়ৰ পৰা যুদ্ধবিধ্বস্ত দেশখনে ক্ৰিকেটৰ ক্ষেত্ৰত যথেষ্ট ক্ষীপ্ৰতাৰে গতি আগবঢ়াই নিছে। আফগানিস্তানে বিগত বৰ্ষত কোৱালিফাইং টুৰ্ণামেণ্টত আয়াৰলেণ্ডক পৰাস্ত কৰি ৱৰ্ল্ড কাপত নিজৰ স্থান সুনিশ্চিত কৰিছিল। শণিবাৰে দেশখনে প্ৰথমখন মেচ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব।

কাবুলৰ ১৮বছৰীয়া বশীৰ আহমেদৰ মতে আফগানিস্তানৰ দলে যদি ভাল খেলে তেনেহ’লে আমাৰ সকলোৰে কাৰণে গৰ্বৰ বিষয় হ’ব। আফগানিস্তানৰ কাৰণে ৱাৰ্ম আপ মেচখন এইকাৰণেও গুৰুত্বপূৰ্ণ আছিল এইকাৰণেই যে  চুবুৰীয়া দেশখনৰ কাৰণে তেওঁলোকে যথেষ্ট হাৰাশাস্তি ভুগিব লগা হৈছে। বেছিভাগ মানুহেই বিশ্বাস কৰে আফগানিস্তানৰ সুৰক্ষা আৰু আৰ্থিক সমস্যাৰ কাৰণ পাকিস্তান।

নজীৰ নাচেৰীয়ে ফেচবুকত লিখে, নিজৰ এক নম্বৰ শত্ৰুক পৰাস্ত কৰাৰ আনন্দই বেলেগ। আমি অৱশেষত পাকিস্তানক পৰাস্ত কৰিলো।

আফগানিস্তানে বিগত এছিয়া কাপত শ্ৰীলংকা আৰু বাংলাদেশক পৰাস্ত কৰিছিল আৰু ভাৰতৰ সৈতে ড্ৰ’ খেলিছিল। ৱৰ্ল্ড কাপৰ পূৰ্বে আফগানিস্তানৰ ক্ৰিকেট বৰ্ডে টীমৰ অধিনায়ক সলনি কৰিছিল। এপ্ৰিল মাহত কেপ্তেইন আচগৰ আফগানক আঁতৰাই গুলবদন নায়বক দায়িত্ব অৰ্পণ কৰা হৈছিল। এইক্ষেত্ৰত বহুকেইগৰাকী ক্ৰিকেটাৰে আপত্তিও কৰিছিল।

তাৎপৰ্যপূৰ্ণ যে ৰমজানৰ মাহ হোৱাৰ কাৰণে টীমৰ প্ৰায় প্ৰতিজন খেলুৱৈয়ে ৰোজা ৰাখি আছে। এতিয়াও ৰোজা অব্যাহত আছে। আফগানিস্তান ক্ৰিকেট বৰ্ডৰ প্ৰৱক্তা ফৰিদ হৌতকে মন্তব্য কৰা মতে, আফগানি ক্ৰিকেটাৰসকলে গোটেই মাহ ৰোজা ৰাখি আছে আৰু নামাজ পঢ়ি আছে।
আৰু চাওক পৰৱৰ্তী বাতৰি