আফগানিস্তানৰ ৰাজধানী কাবুলত ভয়ংকৰ বিস্ফোৰণত নিহত হৈছে ৪০জনকৈ লোক। সোমবাৰে নিশা সংঘটিত এই বিস্ফোৰণত আহত হয় শতাধিক লোক। কাবুলৰ দুবাই চহৰৰ এটা বিবাহ ভৱনত সংঘটিত হয় এই বিস্ফোৰণ। এখন বিয়াৰ অভ্যৰ্থনা চলি থকাৰ মাজতে আত্মঘাতী বোমাৰুৱে সংঘটিত কৰে এই বিস্ফোৰণৰ ঘটনা।
আফগানিস্তানৰ গৃহ মন্ত্ৰণালয়ৰ মতে, শনিবাৰে নিশা স্থানীয় সময় অনুসৰি ১০.৪০ বজাত সংঘটিত হয় এই বিস্ফোৰণ। এইপৰ্যন্ত কোনো সংগঠনে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই। উল্লেখযোগ্য যে চলিত মাহত কাবুলত এয়া দ্বিতীয়টো বিস্ফোৰণৰ ঘটনা। ৮ আগষ্টত সংঘটিত এক বোমা বিস্ফোৰণত নিহত হৈছিল ১৪জন লোক।