এয়াৰ ষ্ট্ৰাইকঃ ভুলবশতঃ প্ৰাণ হেৰুৱালে ১৭ গৰাকী আৰক্ষী বিষয়াই !

বৃহস্পতিবাৰে সেনা আৰু তালিবানী সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ চলি থাকোতেই সংঘটিত হয় এই ঘটনা ।

news18assam
Updated:May 17, 2019, 5:05 PM IST
এয়াৰ ষ্ট্ৰাইকঃ ভুলবশতঃ প্ৰাণ হেৰুৱালে ১৭ গৰাকী আৰক্ষী বিষয়াই !
বৃহস্পতিবাৰে সেনা আৰু তালিবানী সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ চলি থাকোতেই সংঘটিত হয় এই ঘটনা ।
news18assam
Updated: May 17, 2019, 5:05 PM IST
দক্ষিণ আফগানিস্তানত চলা এয়াৰ ষ্টাইকত ভুলক্ৰমে মৃত্যুমুখত পৰে ১৭ গৰাকীকৈ আৰক্ষী বিষয়া । আফগানিস্তানৰ এক চৰকাৰী সুত্ৰ অনুসৰি আফগানিস্তানৰ দক্ষিণ প্ৰান্তৰ হেলমাণ্ড প্ৰাদেশৰ ৰাজধানী লস্কাৰঘাটত আৰক্ষী দ’ল এটাই তালিবানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এক অভিযান চলাই থকাৰ সময়তে সংঘটিত হয় এই ঘটনাটো । হেলমাণ্ড প্ৰদেশৰ শীৰ্ষ বিষয়া আটাউল্লাহ আফগানৰ মন্তব্য অনুসৰি বৃহস্পতিবাৰে হেলমাণ্ড প্ৰাদেশৰ  ৰাজধানী চহৰ লস্কৰ গাহৰ সমীপত তালিবানী সন্ত্ৰাসবাদীৰ লগত এক সংঘৰ্ষত লিপ্ত হৈছিল আৰক্ষীৰ এটা বিশেষ দ’ল ।

প্ৰদেশখনৰ এগৰাকী চিৰকাৰী মুখপাত্ৰই না’টো ৰিজলোশ্যন চাপৰ্ট মিছনৰ তত্বাৱধানত এই এয়াৰ ষ্ট্ৰাইক চলোৱা বুলি মন্তব্য কৰিছে । কিন্তু এতিয়ালৈকে এই এয়াৰ ষ্ট্ৰাইক প্ৰকৃততে আমেৰিকাই চলাইছিল নে আফগানিস্তানৰ সেনাই চলাইছিল তাৰ কোনো সুনিশ্চিত তথ্য নাই প্ৰদেশখনৰ চৰকাৰী পক্ষৰ হাতত । সেইদৰে এয়াৰ ষ্ট্ৰাইক আমেৰিকাই চলোৱাৰ সন্দৰ্ভতো এতিয়ালৈকে কোনো তথ্য ভিত্তিক উত্তৰ দিব পৰা নাই প্ৰদেশখনৰ মুৰব্বীয়ে । হেলমাণ্ড প্ৰদেশৰ গভৰ্ণৰ মহমদ য়াছিনে উক্ত ঘটনাৰ সন্দৰ্ভত এতিয়া তদন্তৰ নিৰ্দেশ দিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি