আমেৰিকাৰ সৈনিকে আফগানিস্তান এৰাৰ পিছত আকৌ তালিবানী সন্ত্ৰাসবাদীয়ে নিজৰ শক্তি প্ৰদৰ্শন কৰা আৰম্ভ কৰিছে। দেশখনৰ বহু অঞ্চলত তালিবানী সন্ত্ৰাসবাদীয়ে নিজৰ প্ৰভুত্ব বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছে। তালিবানী সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ আফগান সৈনিকে দায়িত্বৰ পৰা পলোৱাও পৰিলক্ষিত হৈছে। এনে সময়তে একাংশ হাতে হাতে বন্দুক লৈ তালিবানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে একাংশ আফগান মহিলা। সেনাৰ মনোবল বৃদ্ধিৰ বাবে এনেদৰে ওলাই অহা মহিলাসকলে শৰীৰৰ শেষ বিন্দু তেজ থকালৈকে তালিবানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ দিয়াৰ হুংকাৰ দিছে।
দ্যা চানৰ ৰিপৰ্ট অনুসৰি, আফগানিস্তানত তালিবান ৰাজৰ আশংকাত আফগান মহিলাই এই পদক্ষেপ হাতত লৈছে। তালিবানৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ নিজকে সাজু বুলিও শ্লোগান দিছে। ঘোৰস্থিত মহিলা নিৰ্দেশালয়ৰ প্ৰমুখ হামিলা পাৰাচটিচে কয় যে, একাংশ মহিলাই সুৰক্ষা কৰ্মীসকলক কেৱল প্ৰতীকিৰূপত প্ৰেৰণ যোগাবলৈ চেষ্টা কৰিছে। কিন্তু একাংশই তালিবানীৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈয়ে নিজক সাজু কৰি তুলিছে। মহিলাসকলে গভৰ্নৰৰ পৰাও যুদ্ধত অংশগ্ৰহণৰ অনুমতি বিচাৰিছে।
![]()
আফগানিস্তানৰ ঘোৰ প্ৰদেশত আটাইতকৈ বেছি সন্ত্ৰাস চলাইছে তালিবানী সন্ত্ৰাসবাদীসকলে। ফলত শ শ মহিলাই হাতে হাতে বন্দুক লৈ ৰাজপথলৈ ওলাই আহি তালিবানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে শ্লোগান দিয়া পৰিলক্ষিত হৈছে। উল্লেখ্য যে, তালিবানী সন্ত্ৰাসবাদীয়ে আফগানিস্তানত ব্যাপক ৰূপত ধ্বংসযজ্ঞ চলাই আহিছে। উত্তৰ বাদাখস্তান প্ৰদেশৰ লগতে বহু অঞ্চল প্ৰায় ২০ বছৰ ধৰি তালিবানীৰ দূৰ্গ ৰূপে পৰিচিত হৈ আহিছে।
যোৱা সপ্তাহত, তালিবানে দখল কৰা আফগান তাখাৰ প্ৰদেশৰ জিলাসমূহত এক নতুন নিৰ্দেশনা জাৰি কৰিছিল। ফটোৱা জাৰি কৰিছিল যে, মহিলাসকল পুৰুষৰ অবিহনে ঘৰৰ বাহিৰলৈ আহিব নোৱাৰিব। আনকি পুৰুষসকলক দাড়ি ৰখাটো বাধ্যতামূলক কৰিছিল।
আফগানিস্তানৰ উত্তৰ-পূব প্ৰদেশ তাখৰৰ নাগৰিক সমাজৰ কৰ্মীসকলে কৈছিল যে, পুৰুষসকলক দাড়ি বঢ়াবলৈ নিৰ্দেশ দিছে, মহিলাসকলক অকলে ঘৰ এৰি যোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে। লগতে ছোৱালীৰ বাবে যৌতুকৰ নিয়মাৱলীও নিৰ্ধাৰণ কৰিছে তালিবানী সন্ত্ৰাসবাদীয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|