তলিবানৰ দখলত আফগানিস্তান। কেৱল প্ৰাণৰ মমতাত দেশ এৰি পলায়ন কৰিছে আফগান নাগৰিকে। ইয়াৰ মাজতে তালিবানী অত্যাচাৰৰ শিহৰণকাৰী অভিজ্ঞতা বৰ্ণনা কৰিলে খাতেৰা নামৰ এগৰাকী মহিলাই। খাতেৰা বৰ্তমান দিল্লীৰ বাসিন্দা। যোৱা বছৰ আফগানিস্তানৰ গজনি প্ৰদেশত তালিবানৰ হাতত আক্ৰান্ত হৈছিল মহিলাগৰাকী।
খাতেৰাৰ শৰীৰৰ অৰ্ধাংশ আঘাতপাপ্ত হৈছিল তলিবানী উগ্ৰপন্থীৰ গুলীত। সৰ্ব শৰীৰ ছুৰীৰে ক্ষত বিক্ষত কৰিছিল। আনকি চকুতো ভৰাই দিছিল ছুৰী। আৰু মূমুৰ্ষ অৱস্থাত তালিবানীয়ে মহিলাগৰাকীক ৰাস্তাৰ মাজত পেলাই থৈ আহিছিল। সেই সময়ত খাতেৰা আছিল গৰ্ভৱতী।
তাতকৈ ভয়ংকৰ কথাটো হ'ল যে, খাতেৰাৰ ওপৰত হোৱা আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী আছিল নিজৰেই পিতৃ। মহিলাগৰাকীৰ বিতৃও আছিল তালিবানী। এই কথা সংবাদমাধ্যমক জনাইছে খাতেৰাই। তেওঁ কৈছে যে,'সেইসকলে প্ৰথমে আমাৰ মহিলাসকলৰ ওপৰত অত্যাচাৰ কৰিছিল। কেতিয়াবা মহিলাৰ শৰীৰৰ অংশ কাটি কুকুৰক খুৱাই দিছিল তালিবানে। মোৰ ভাগ্য ভাল আছিল, বাছি গ'লো। তালিবানৰ শাসনত থকা মানে, মহিলা, শিশু আৰু সংখ্যালঘূসকলৰ নৰকবাস।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|