কাবুলৰ ৰুছ দূতাবাসৰ মুখপাত্ৰ নিকিতা ইশচেংকোৰ নাম দি সংবাদ প্ৰতিষ্ঠান আৰআইএই কৈছে, চাৰিখন গাড়ীভৰ্তি নগদ ধন আছিল। তেওঁলোকে নগদ ধনৰ আৰু এটা অংশ হেলিকপ্টাৰত ভৰোৱাৰ চেষ্টা কৰিছিল। কিন্তু ঠাই নহ’ল। নগদ ধনৰ এটা অংশ বিমানবন্দৰত পেলায় থৈ যায়। সংবাদ সংস্থা ৰয়টাৰ্ছকো এই কথা জনাইছে ইশচেংকোৱে। তথ্যৰ উৎস হিচাপে প্ৰত্যক্ষদৰ্শীৰ কথা কৈছে তেওঁ।
দেওবাৰে তালিবানে আফগানিস্তানৰ ৰাজধানী কাবুলত প্ৰৱেশ কৰাত দেশ এৰি পলাই যায় আছৰাফ গণি। তেওঁ উজবেকিস্তানলৈ যোৱা বুলি খবৰ ওলালেও আচলতে ক’লৈ গৈছে সেয়া নিশ্চিত হোৱা নাই। গন্তব্যস্থানত উপস্থিত হৈ এক ফেচবুক পোষ্টত আছৰাফ গণিয়ে লিখিছে, ৰক্তপাত এৰাবলৈ তেওঁ দেশ ত্যাগ কৰিছে। দেশৰ চাৰি কোটি নাগৰিকৰ চকুত এক মুহূৰ্ততে অপৰাধী হৈ পৰিল আছৰাফ গণি। দেশ এৰি পলাইছে। যদি গণিয়ে খোলাৰ ভিতৰত সোমাই নাথাকিলহেঁতেন, তেন্তে বহু আগতেই বিকল্প উপায় উলিয়াব পৰা গ’লহেঁতেন বুলি ধাৰণা কৰিছে তেওঁৰ ঘনিষ্ঠসকলে।