বেয়া সময় যেতিয়া আহে, তেতিয়া হয়তো এইদৰেই আহে। তালিবানে আফগানিস্তান দখল কৰি লোৱাৰ পিছতে কাবুল বিমানবন্দৰত দেশ এৰি পলায়ন কৰা হাজাৰ হাজাৰ লোকৰ দৌৰাদৌৰিৰ দৃশ্য এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। একে দিনতে আকৌ আফগান বায়ুসেনাৰ এখন বিমান দুৰ্ঘটনাত পতিত হোৱাৰ খবৰ পোৱা গৈছে। আফগানিস্তানৰ ক্ষমতাচ্যুত ৰাষ্ট্ৰপতি আছৰাফ গণিৰ নিৰাপত্তাৰক্ষীসকলক লৈ যোৱা বায়ুসেনাৰ এখন বিমান ভাঙি পৰে উজবেকিস্তান সীমান্তত। উজবেকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ ফালৰ পৰা এই খবৰ জনোৱা হৈছে।
উজবেকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ মুখপাত্ৰ বাখৰম জুলফিকাৰভে কয়, উজবেকিস্তানৰ সুৰখান্দৰিয়া অঞ্চলত আফগান বায়ুসেনাৰ এখন বিমান ভাঙি পৰিছে। ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰকাৰী দল।
আফগান সেনায়ো এতিয়া দেশৰ সাধাৰণ মানুহৰ দৰেই স্থল সীমান্ত পাৰ হৈ তাজিকিস্তান বা উজবেকিস্তানত প্ৰৱেশৰ চেষ্টা কৰিছে। তেওঁলোক যাতে সোমাব নোৱাৰে, তাৰ বাবে আফগান–উজবেকিস্তান সীমান্ত আৰু আফগান–তাজিকিস্তান সীমান্তত নিৰাপত্তা আৰু কটকটীয়া কৰি তোলা হৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|