মুখ্যপৃষ্ঠা » খবৰ

» বিশ্ব

»৩৮৫জন তালিবানী সন্ত্ৰাসবাদীক গুলীয়াই হত্যা আফগান সেনাৰ, আহত ২০০ৰো অধিক সন্ত্ৰাসবাদী

৩৮৫জন তালিবানী সন্ত্ৰাসবাদীক গুলীয়াই হত্যা আফগান সেনাৰ, আহত ২০০ৰো অধিক সন্ত্ৰাসবাদী

News18 Assam | News18-Assam
Updated:August 10, 2021, 8:45 AM IST
৩৮৫জন তালিবানী সন্ত্ৰাসবাদীক গুলীয়াই হত্যা আফগান সেনাৰ, আহত ২০০ৰো অধিক সন্ত্ৰাসবাদী
তালিবানীয়ে আফগান আৰক্ষীৰ বহু বিষয়াৰ লগতে তেওঁলোকৰ পৰিয়ালকো নৃশংসভাৱে হত্যা কৰিছিল।

তালিবানীয়ে আফগান আৰক্ষীৰ বহু বিষয়াৰ লগতে তেওঁলোকৰ পৰিয়ালকো নৃশংসভাৱে হত্যা কৰিছিল।

  • Share this:
আমেৰিকাই আফগানিস্তানৰ পৰা সেনা অপসাৰণ কৰাৰ পিছতে তালিবানী সন্ত্ৰাসবাদীয়ে আফগানিস্তানৰ বহু ঠাই পুনৰ নিজৰ দখললৈ নিছিল। লাহে লাহে তালিবানী সন্ত্ৰাসবাদীয়ে সমগ্ৰ আফগানিস্তানকে দখল কৰাৰ পৰিকল্পনা কৰিছিল। আফগানিস্তানৰ বহু লোকক তালিবানীয়ে আৱদ্ধ কৰি ৰখাৰ লগতে কান্দাহাৰৰ বহু চহৰ তালিবানীয়ে নিজৰ দখললৈ নিছিল।

তালিবানীয়ে আফগান আৰক্ষীৰ বহু বিষয়াৰ লগতে তেওঁলোকৰ পৰিয়ালকো নৃশংসভাৱে হত্যা কৰিছিল। তালিবানৰ প্ৰবক্তা জবিউল্লা মুজাহিদীনিয়ে আফগানিস্তানত এনে কাৰ্যকলাপ চলি থাকিব বুলিও সদম্ভে ঘোষণা কৰিছিল। বিগত মাহটোত তালিবানীৰ আগ্ৰাসনত অশান্ত হৈ পৰিছিল আফগানিস্তান। কিন্তু বৰ্তমান পুনৰ সৰ্বশক্তিৰে তালিবানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হৈছে। আফগানিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ আনুষ্ঠানিক টুইটাৰ পেজৰ জৰিয়তে সোমবাৰে প্ৰকাশ কৰা তথ্য অনুযায়ী বিগত ৪৮ ঘণ্টাত আফগান সেনাই ৩৮৫জন তালিবানী সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰিছে।

আফগান সেনাৰ আক্ৰমণত গুলীবিদ্ধ হৈ পলায়ন কৰিছে ২০০ৰো অধিক সন্ত্ৰাসবাদীয়ে। বৰ্তমানেও তালিবানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আফগান সেনাই তীব্ৰ অভিযান অব্যাহত ৰাখিছে। বৰ্তমান তালিবানী সন্ত্ৰাসবাদীয়ে আশ্ৰয় লৈ থকা আফগানিস্তানৰ নংগৰহাৰ, লোগাৰ, গজনী, পট্টিকা, মেদান ৱাৰ্ডাক, কান্দাহাৰ, হেৰাট, ফাৰাহ, জ'হজান, চামাঙ্গান, হেলমাণ্ড, তাখাৰ, বাঘলান আৰু কপিচাত অভিযান অব্যাহত ৰাখিছে। আফগানিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে শীঘ্ৰেই দেশখনলৈ শান্তি ঘূৰাই অনাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও জনাইছে।
Published by: Sanjay Kumar Das
First published: August 10, 2021, 8:45 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি