உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • Volodymyr Zelenskyy: কৌতুক অভিনেতাৰ পৰা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি, সমগ্ৰ বিশ্ববাসীৰ মন জয় কৰিছে জেলেনস্কিয়ে

    Volodymyr Zelenskyy: কৌতুক অভিনেতাৰ পৰা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি, সমগ্ৰ বিশ্ববাসীৰ মন জয় কৰিছে জেলেনস্কিয়ে

    সাধাৰণতে বাস্তৱৰ কোনো ঘটনাক অৱলম্বন কৰি চিনেমা বা টিভি চিৰিজৰ কাহিনী লিখা হয়। কিন্তু জেলেনস্কিৰ ক্ষেত্ৰত সেয়া ওল্টা হ'ল।

    সাধাৰণতে বাস্তৱৰ কোনো ঘটনাক অৱলম্বন কৰি চিনেমা বা টিভি চিৰিজৰ কাহিনী লিখা হয়। কিন্তু জেলেনস্কিৰ ক্ষেত্ৰত সেয়া ওল্টা হ'ল।

    সাধাৰণতে বাস্তৱৰ কোনো ঘটনাক অৱলম্বন কৰি চিনেমা বা টিভি চিৰিজৰ কাহিনী লিখা হয়। কিন্তু জেলেনস্কিৰ ক্ষেত্ৰত সেয়া ওল্টা হ'ল।

    • Share this:
    আছিল এগৰাকী কৌতুক অভিনেতা! ২০১০ চনত চাৰ্ভেণ্ট অব দ্যা পিপল নামৰ টিভি চিৰিজত অভিনয় কৰি ইউক্ৰেইনত অন্যতম জনপ্ৰিয় অভিনেতা হৈ পৰে। ঘটনাৰ পাকচক্ৰত এই জনপ্ৰিয় টিভি চিৰিজত এজন হাইস্কুলৰ শিক্ষকৰ ভুমিকাত অভিনয় কৰিছিল বোলোডিমিৰ জেলেনস্কিয়ে। চিত্ৰনাট্য অনুযায়ী, ৰাজনীতিবিদৰ দুৰ্নীতিত বিৰক্ত হৈ নিজেই এদিন দেশখনৰ ৰাষ্ট্ৰপতি হৈ উঠে।

    সাধাৰণতে বাস্তৱৰ কোনো ঘটনাক অৱলম্বন কৰি চিনেমা বা টিভি চিৰিজৰ কাহিনী লিখা হয়। কিন্তু জেলেনস্কিৰ ক্ষেত্ৰত সেয়া ওল্টা হ'ল। কাৰণ প্ৰেচিডেণ্টৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয়তাৰ শিখৰত উপনীত হোৱাৰ কিছু বছৰৰ পিছতে সঁচাকৈ তেওঁ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়।

    এই জেলেনস্কি এতিয়া সমগ্ৰ বিশ্বৰ বাবেই এতিয়া চিনাকী মুখ। কাৰণ ৰাছিয়াৰ প্ৰৱল আক্ৰমণ আৰু শত্ৰু পক্ষৰ হাতত বন্দী হোৱাৰ আশংকা থাকিলেও দেশ এৰি কোনো কাৰণতে নাযায় বুলি ইতিমধ্যে স্পষ্টকৈ জনাইছে ৰাষ্ট্ৰপতিগৰাকীয়ে। বৰঞ্চ সমুখৰ পৰা যুদ্ধৰ নেতৃত্ব দিছে ৰাষ্ট্ৰপতিগৰাকীয়ে। যি দেখি সমগ্ৰ বিশ্বই ৪৪ বছৰীয়া জেলেনস্কিৰ সাহসিকতাক প্ৰশংসা কৰিছে।

    জেলেনস্কি ২০১৯ চনত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়। টিভি চিৰিজত অভিনয় কৰা চৰিত্ৰবোৰৰ দৰেই বৃহৎ সংখ্যাগৰিষ্ঠতাৰে গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচনত জয়লাভ কৰে৷ তেওঁ ৰাষ্ট্ৰপতি নিৰ্বাচনত এজন কোটিপতিক পৰাজিত কৰিছিল৷ ছোভিয়েটৰ বিভাজনৰ পিছত ইউক্ৰেইনক ৰাজনৈতিকভাৱে প্ৰভাৱশালী বিলিয়নেয়াৰৰ দুৰ্নীতিৰ পৰা মুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিছিল৷

    ইউক্ৰেইনৰ শীৰ্ষ ক্ষমতা অপ্ৰত্যাশিতভাৱে জেলেনস্কিৰ দৰে এজনৰ হাতৈল গৈছিল। যিয়ে ছ'চিয়েল মিডিয়াতো যথেষ্ট তোলপাৰ লগাইছিল। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে চুবুৰীয়া দেশখনত পৰিৱৰ্তনক ভালদৰে লোৱা নাছিল৷ তেওঁ সম্ভৱতঃ নিজেও দেশখনত এনে পৰিস্থিতি হোৱাটো বিচৰা নাছিল৷ কাৰণ পুটিনে সদায় তেওঁৰ বিৰোধীসকলক দূৰত ৰাখিবলৈ পছন্দ কৰে।
    Published by:Himangshu Bhuyan
    First published: