বিশ্ব স্বাস্থ্য সংস্থাই সম্প্ৰতি ইউৰোপত কোভিড-১৯ সংক্ৰমণৰ বৰ্ধিত সংখ্যাক "গুৰুতৰ উদ্বেগ"ৰ বিষয় বুলি অভিহিত কৰিছে। লগতে সতৰ্ক কৰি দিয়ে যে অহা বছৰৰ ফেব্ৰুৱাৰীৰ ভিতৰত আন পাঁচ লাখ লোকৰ মৃত্যু হ'ব পাৰে ইউৰোপত। ইউৰোপীয় ইউনিয়নৰ সংস্থা ইউৰোপীয়ান চেণ্টাৰ ফৰ ডিজিজ প্ৰিভেনচন এণ্ড কনট্ৰ'লৰ মতে, ৪ নৱেম্বৰলৈকে বিভিন্ন দেশৰ পৰা সংগ্ৰহ কৰা তথ্য অনুসৰি এতিয়ালৈকে কোৰোনা ভাইৰাছৰ সংক্ৰমণত আঠ নিযুতৰো অধিক লোকৰ মৃত্যু হৈছে।
বিশ্ব স্বাস্থ্য সংস্থাৰ ইউৰোপীয় গোটৰ সঞ্চালক হান্স ক্লুজে এখন সংবাদমেলত কয়, '৫৩খন ইউৰোপীয় দেশত কোৰোনা ভাইৰাছৰ সংক্ৰমণ হোৱাটো বৰ্তমান গতি গুৰুতৰ চিন্তাৰ বিষয়।' একে সময়তে তেওঁ কয় যে যদি বৰ্তমান সংক্ৰমণৰ গতি অব্যাহত থাকে, তেন্তে অহা বছৰ ফেব্ৰুৱাৰীলৈকে কোভিড-১৯ৰ পৰা ৫,০০,০০০ৰো অধিক লোকৰ মৃত্যু হ'ব পাৰে।
উল্লেখ্য, বিশ্ব স্বাস্থ্য সংস্থাৰ ইউৰোপীয় ক্ষেত্ৰ ৫৩খন দেশ আৰু কিছু অঞ্চলজুৰি বিয়পি আছে। ইয়াৰ লগত মধ্য এছিয়াৰ বহুতো দেশ অন্তৰ্ভুক্ত আছে।
সম্প্ৰতি ইউৰোপ পুনৰ কোৰোনা মহামাৰীৰ কেন্দ্ৰ হৈ পৰিছে। ডেনমাৰ্কৰ কোপেনহেগেনত ইউৰোপৰ মুখ্য কাৰ্যালয়ৰ সাংবাদিকসকলক সম্বোধন কৰি ক্লুজে কয়, 'মহামাৰীৰ পুনৰাবৃত্তিৰ আন এটা গুৰুত্বপূৰ্ণ বিন্দুত আমি আছোঁ।'' তেওঁৰ মতে, পূৰ্বতকৈ এতিয়াৰ পাৰ্থক্যটো হ'ল যে স্বাস্থ্য বিষয়াসকলে ভাইৰাছটোৰ বিষয়ে অধিক জানে আৰু আজি ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ উন্নত সঁজুলি উপলব্ধ।
ক্লুজে পুনৰ কয় যে কিছুমান ঠাইত কোভিড প্ৰট'কল নমনা আৰু টিকাকৰণৰ নিম্ন হাৰ এই নতুন বৃদ্ধিৰ কাৰণ হ'ব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ ইউৰোপে কয় যে অঞ্চলটোৱে গোটেই সপ্তাহটোত প্ৰায় ১.৮ নিযুত নতুন কোৰোনা সংক্ৰমণৰ ঘটনা ঘটিছে, যি যোৱা সপ্তাহৰ তুলনাত প্ৰায় ৬% অধিক। এই সময়ছোৱাত কোভিড-১৯ৰ ফলত ২৪,০০০ লোকৰ মৃত্যু হৈছে, যি যোৱা সপ্তাহতকৈ ১২% অধিক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|