ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ৯ মে'ত ইউক্ৰেইনৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে যুদ্ধ ঘোষণা কৰিব বুলি শংকা প্ৰকাশ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পশ্চিমীয়া বিষয়াসকলে। মস্কোৱে এতিয়ালৈকে ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইনত আৰম্ভ আক্ৰমণক "বিশেষ সামৰিক অভিযান" বুলি আখ্যা দিছিল। চিএনএনৰ বাতৰি মতে, ৰাছিয়াই ইউক্ৰেইনৰ পূব আৰু দক্ষিণ অংশ জিকিবলৈ চেষ্টা কৰি আছে যদিও এইক্ষেত্ৰত সফল হোৱা নাই। গতিকে আনুষ্ঠানিকভাৱে যুদ্ধ ঘোষণা কৰা হ'লে দেশখনে ইয়াৰ সংৰক্ষিত বাহিনী সম্পূৰ্ণৰূপে নিয়োজিত কৰাৰ সুযোগ ল'ব (A formal declaration of war on May 9)।