বাংলাদেশৰ মছজিদত ভয়ংকৰ বিস্ফোৰণ! থিতাতে নিহত ১৬ জনকৈ লোক

News18 Assam | News18-Assam
Updated:September 5, 2020, 8:02 PM IST
বাংলাদেশৰ মছজিদত ভয়ংকৰ বিস্ফোৰণ! থিতাতে নিহত ১৬ জনকৈ লোক
শুকুৰবাৰে নিশা ৮.৩০ বজাত নামাজ পঢ়াৰ বাবে মছজিদত গোট খাইছিল বহুলোক।

শুকুৰবাৰে নিশা ৮.৩০ বজাত নামাজ পঢ়াৰ বাবে মছজিদত গোট খাইছিল বহুলোক।

  • Share this:
ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল বাংলাদেশ। শুকুৰবাৰে নামাজ পঢ়াৰ বাবে মছজিদত গোট খাইছিল বহুলোক। সেই সময়তেই সংঘটিত হয় বিস্ফোৰণৰ ঘটনা। বিস্ফোৰণত নিহত হৈছে ১৬ জনকৈ লোকৰ। বহুলোকক সংকটজনক অৱস্থাত চিকিত্‍সালয়ত ভৰ্তি কৰোৱা হৈছে। মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ আছে সম্ভাৱনা।

স্থানীয় আৰক্ষী জায়েদুল আলমে জনাইছে যে, বিস্ফোৰণ সংঘটিত হৈছে নাৰায়ণগঞ্জৰ এটা মছজিদত। শুকুৰবাৰে নিশা ৮.৩০ বজাত নামাজ পঢ়িবলৈ মছজিদত গোট খাইছিল বহুলোক। প্ৰাৰ্থনা শেষ হোৱাৰ সময়তে সংঘটিত হয় এই বিস্ফোৰণ ঘটনা।



ঢাকা মেডিকেল কলেজৰ ফালৰ পৰা জনোৱা মতে, বৰ্তমানো চিনাক্ত কৰিব পৰা নাই বহু মৃতদেহ। বিস্ফোৰণৰ ফলত অগ্নীদগ্ধ হৈছে প্ৰায় ৪০ জনকৈ লোক। চিকিত্‍সকে জনোৱা মতে,  মছজিদৰ ইমাম সহ ৪০ জন লোকক বৰ্তমান বাৰ্ণ ইনষ্টিটিউটত ভৰ্তি কৰোৱা হৈছে।



প্ৰাথমিক তদন্তৰ অন্তত অনুমান কৰা হৈছে যে, নাৰায়ণগঞ্জৰ মছজিদৰ তলত থকা গেছৰ পাইপ ফুটাৰ বাবেই সংঘটিত হ’ল এই বিস্ফোৰণৰ ঘটনা। বিস্ফোৰণত মছজিদটো তচনচ হৈ পৰে। ঘটনাৰ তদন্তৰ বাবে এতিয়া এখন কমিটী গঠন কৰি দিছে দেশখনৰ চৰকাৰে।
Published by: Himangshu Bhuyan
First published: September 5, 2020, 8:02 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading