আব্ৰাহাম লিংকনৰ নাম আপুনি নিশ্চয় শুনিছে। আমেৰিকাৰ আটাইতকৈ সফল ৰাষ্ট্ৰপতিসকলৰ ভিতৰত এগৰাকী আছিল আব্ৰাহাম লিংকন। কিন্তু দাম্পত্য জীৱনক লৈ সুখী নাছিল লিংকন। কাজিয়াৰে ভৰা আছিল তেওঁৰ পাৰিবাৰিক জীৱন। পত্নীৰ সৈতে কাজিয়াৰ পৰা ৰক্ষা পাবলৈ তেওঁ প্ৰায়ে কাৰ্যালয়তে নিশা শুই গৈছিল। লিংকনৰ বিষয়ে জীৱনীকাৰে লিখিছে যে লিংকনে জীৱনত যিমান সন্মান পাইছিল, তেওঁৰ পত্নী মেৰী টড সিমানেই লুভীয়া আৰু স্বাৰ্থপৰ আছিল।
মেৰী টডক তেওঁৰ সম্পূৰ্ণ বিপৰীত বুলি জানিও বিয়া কৰাইছিল। এবাৰ তেওঁলোকৰ সম্বন্ধত ফাটো মেলিছিল, কিন্তু মেৰী নাচোৰবান্দা আছিল যে যদি বিয়া হয় তেন্তে লিংকনৰ সৈতেই হ’৸ব। ‘লিংকন দ্য আনন’ন’ কিতাপখনত লেখক ডেল কাৰ্নেগীয়ে লিখিছে যে লিংকনে যেতিয়া প্ৰথমবাৰ সম্বন্ধত ফাট মেলিছিল তেতিয়া ভাবিছিল যে যদি বিয়া হয় তেন্তে সেয়া বিনাশকাৰী হ’৸ব। আৰু তেওঁৰ জীৱনত যেন সেয়াই হৈছিল।
মেৰী যিমান আক্ৰমণাত্মক আৰু কলহপ্ৰিয় আছিল, লিংকন আছিল সিমানেই শান্ত আৰু সাধাৰণ। পত্নীৰ পৰা ৰক্ষা পাবৰ বাবে সাধাৰণতে তেওঁ ঘৰৰ পৰা আঁতৰি থকাৰ চেষ্টা কৰিছিল। নিশাও কাৰ্যালয়তে কটাইছিল লিংকনে। কিয় জানো মেৰীৰ এই আত্মবিশ্বাস আছিল যে এদিন তেওঁৰ স্বামী নিশ্চয় মেৰিকাৰ ৰাষ্ট্ৰপতি হ’৸ব।
যেতিয়া লিংকনে ওকালতি কৰি আছিল তেতিয়া তেওঁ এগৰাকী সুদক্ষ বক্তা হিচাপে খ্যাতি লাভ কৰিছিল। তেওঁৰ ভাষণ সত্যনিষ্ঠ আৰু বিতৰ্কৰে ভৰপূৰ আছিল। তেওঁৰ কথাই সকলোকে প্ৰভাৱিত কৰিছিল। দাসপ্ৰথাক লৈ যেতিয়া আমেৰিকাৰ দক্ষিণ প্ৰান্তত জুই জ্বলিছিল, ১৮৬০ চনত চিকাগোত নৱগঠিত ৰিপাব্লিকান পাৰ্টীয়ে ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰাৰ্থী বাচনি কৰিছিল। সেই সময়ত লিংকনৰ কোনো সম্ভাৱনা নাছিল। এজনৰ পিছত আনজন ৰাষ্ট্ৰপতি পদৰ দাবীদাৰ আছিল। দীৰ্ঘ বিতৰ্কৰ অন্তত যেতিয়া লিংকনৰ নাম উত্থাপন হ’৸ল সকলো আচৰিত হ’৸ল। কোনেও চিনি পোৱা নাছিল লিংকনক।
তেওঁৰ নাম নিৰ্বাচিত কৰাক লৈ সকলোৰে মনত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল যে ৰিপাব্লিকান পাৰ্টী নিজৰ কবৰ নিজেই খান্দিছে। কিন্তু লিংকনৰ কথাই সকলোৰে অন্তৰ চুই গৈছিল। জনতাক প্ৰভাৱিত কৰি তুলিছিল তেওঁৰ কথাই। ভাষণত লিংকনে কৈছিল – ‘যদি দাসত্ব ভুল নহয়, তেতিয়াহ’লে একোৱেই ভুল নহয়।’ নিৰ্বাচনত জয়ী হৈ তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল। ইয়াৰ পূৰ্বে তেওঁ জীৱনত যিমান নিৰ্বাচন খেলিছিল সকলোতে পৰাজিত হৈছিল। ১৯৬৩ চনৰ ১ জানুৱাৰীত দাসপ্ৰথাৰ বিৰুদ্ধে ৰাষ্ট্ৰপতি হিচাপে স্বাক্ষৰ কৰিছিল।

তেওঁৰ কৰ্যকালতে দাসপ্ৰথাক লৈ জ্বলিবলৈ ধৰিছিল আমেৰিকা। দেশত এনেধৰণৰ গৃহযুদ্ধৰ সূচনা হৈছিল যে আমেৰিকাক ভাগ ভাগ কৰাৰ কোনেও বচাব নোৱাৰে বুলি মুক্তভাৱে কোৱা হৈছিল। তেওঁৰ মন্ত্ৰীমণ্ডলৰ সহযোগী আৰু সেনাৰ উচ্চপদস্থ বিষয়াই তেওঁ ব্যৰ্থ হোৱাটো বিচাৰিছিল। তেওঁৰ চৰকাৰতে তেওঁৰ কামত বাধা প্ৰদান কৰা লোকৰ অভাৱ নাছিল। কিন্তু তেনে পৰিস্থিতিতো তেওঁৰ দৃঢ়তা দেখা গৈছিল। বোধশক্তি আৰু সত্যপথত তিষ্টি থাকিব পৰা দৃঢ়তাই তেওঁক নায়কলৈ পৰিণত কৰিছিল যদিও দাসপ্ৰথাৰ অন্ত হোৱাত ক্ষুব্ধ লোকেই তেওঁক হত্যা কৰিছিল।

তেওঁৰ জীৱনৰ ডাঙৰ সফলতা আছিল, ঘোৰ বিৰোধী আৰু সহযোগীয়েও তেওঁৰ হত্যাৰ খবৰত উচুপি উঠিছিল। লাহে লাহে মানুহে অনুভৱ কৰিলে যে লিংকন সঁচাই মহান ব্যক্তি আছিল। প্ৰবল বিৰোধিতাৰ মাজতো কেনেকৈ বুজনি দিব পাৰি, কেনেকৈ বিৰোধীকো লগত লৈ আগবাঢ়িব পাৰি, কিদৰে ক্ষমাৰ দৃষ্টিভংগীয়ে আপোনাক মানৱীয় কৰি তুলিব পাৰে এই সকলো কথা লিংকনৰ পৰা শিকা উচিত। লিংকনে জীৱনত কেইবাবাৰো গুৰুত্বপূৰ্ণ ঘটনাৰ সন্মুখত নিজকে নদীৰ সোঁতত এৰি দিয়াৰ দৰে এৰি দিছিল।
লিংকনৰ জীৱন, সৰলতা, মানৱতা, ধৈৰ্য আৰু সত্যবাদিতাই সকলোকে আচৰিত কৰি তুলিছিল যে মানুহ এনেকুৱাই হ’ব পাৰেনে। জীৱনৰ অধিক সময় প্ৰতিকুল পৰিস্থিতিত অতিবাহিত কৰাৰ পিছতো যিধৰণৰ সৰলতাৰে জীৱনৰ মূল্যত বিশ্বাস কৰিছিল, তেনে উদাহৰণ হয়তো কেতিয়াও পোৱা নাযাব। তেওঁ শ্ৰেষ্ঠ মানৱ, শ্ৰেষ্ঠ ৰাজনীতিক, প্ৰেৰণাৰ সমল আছিল। এটা উদাসী জীৱন যাপন কৰিও তেওঁ। ধাৰাবাহিকভাৱে ব্যৰ্থ হোৱাৰ পিছতো পুনৰ একেই উদ্যমেৰে কৰি গৈছিল পৰৱৰ্তী কাম।
এটা অতি গৰীৱ আৰু অশিক্ষিত পৰিয়ালত জন্ম হৈছিল লিংকনৰ। ১৫ বছৰ বয়সতহে লিংকনে প্ৰথমবাৰলৈ বৰ্ণমালা শিকিছিল। এবাৰ এজন অধ্যাপক তেওঁলোকৰ গাঁৱলৈ আহিছিল আৰু তাত এখন স্কুল আৰম্ভ কৰিছিল। তেতিয়া লিংকনে পঢ়িবলৈ শিকিছিল। ১৮৪৭ চনত লিংকনে সংসদৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে প্ৰপত্ৰ পূৰণ কৰাৰ সময়ত তেওঁক এটা প্ৰশ্ন সোধা হৈছিল যে আপোনাৰ শিক্ষা কিমান। তেওঁ এটা শব্দত উত্তৰ দিলে – দোষপূৰ্ণ। হয়, পঢ়িব পৰাৰ ক্ষমতাই তেওঁৰ সন্মুখত এনেকুৱা নতুন পৃথিৱীৰ সৃষ্টি কৰিছিল, যিখনৰ কল্পনা তেওঁ নিজেও কেতিয়াও কৰা নাছিল।
Published by: Tulika Devi
FIRST PUBLISHED : March 31, 2019, 12:33 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|