শিক্ষাৰ ক্ষেত্ৰত ইতিহাসৰ আটাইতকৈ বিপৰ্যয়, ১০০ কোটিতকৈ অধিক শিক্ষাৰ্থীৰ জীৱনলৈ নামি আহিছে অন্ধকাৰ!

News18 Assam | News18-Assam
Updated:August 7, 2020, 7:19 PM IST
শিক্ষাৰ ক্ষেত্ৰত ইতিহাসৰ আটাইতকৈ বিপৰ্যয়, ১০০ কোটিতকৈ অধিক শিক্ষাৰ্থীৰ জীৱনলৈ নামি আহিছে অন্ধকাৰ!
ৰাষ্ট্রসংঘৰ সচিব প্রধান এণ্টনিঅ’ গুটাৰেছে উল্লেখ কৰিছে যে কোৰোণা ভাইৰাছ মহামাৰীয়ে শৈক্ষিক দিশত ইতিহাসৰ আটাইতকৈ বিপৰ্যয়ৰ সৃষ্টি কৰিছে৷

ৰাষ্ট্রসংঘৰ সচিব প্রধান এণ্টনিঅ’ গুটাৰেছে উল্লেখ কৰিছে যে কোৰোণা ভাইৰাছ মহামাৰীয়ে শৈক্ষিক দিশত ইতিহাসৰ আটাইতকৈ বিপৰ্যয়ৰ সৃষ্টি কৰিছে৷

  • Share this:
কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ বাবে বিশ্বজুৰি বন্ধ হৈ আছে বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু বিদ্যালয়সমূহ। চাৰি মাহতকৈ অধিক সময় ধৰি বন্ধ  হৈ থকাৰ ফলত ১০০ কোটি শিক্ষাৰ্থীৰ ওপৰত প্ৰভাৱ পৰিছে। ৰাষ্ট্রসংঘৰ সচিব প্রধান এণ্টনিঅ’ গুটাৰেছে উল্লেখ কৰিছে যে কোৰোণা ভাইৰাছ মহামাৰীয়ে শৈক্ষিক দিশত ইতিহাসৰ আটাইতকৈ বিপৰ্যয়ৰ সৃষ্টি কৰিছে৷ ১৬০খনতকৈ অধিক দেশত পাঁচটা মাহে বন্ধ হৈ আছে বিদ্যালয়বোৰ৷ আগষ্টৰ প্ৰথম ভাগলৈ বেছিভাগ দেশতেই শিক্ষানুষ্ঠান বন্ধ হৈ থকাৰ ফলত ১০০ কোটিতকৈ অধিক শিক্ষার্থীৰ ভৱিষ্যতলৈ নামি আহিছে অন্ধকাৰ৷

ইয়াৰ উপৰি ৪০ নিযুত শিক্ষার্থীয়ে বিশ্বজুৰি শিক্ষাবর্ষ আৰম্ভ হোৱাৰ পূর্বেই বিদ্যালয়ৰ মজিয়া স্পর্শ কৰাৰ পৰা বঞ্চিত হৈছে৷ গুটাৰেছৰ মতে এয়া এক ভয়াৱহ বিপর্যয়৷ মানুহৰ মেধা শক্তিৰ অভাৱনীয়ভাৱে অপচয় ঘটিব বুলি আশংকা কৰিছে বিশ্বৰ সর্বোচ্চ সংস্থাটোৰ মুৰব্বীগৰাকীয়ে৷ ইয়াৰ ফলত কেইবাদশকলৈ প্রগতিৰ ক্ষেত্রত সৃষ্টি হ’ব প্রত্যাহ্বান৷ আনফালে অর্থনৈতিক বৈষম্য বৃদ্ধি পাব৷ আনকি মহামাৰীৰ পূর্বেই গুটাৰেছে বিশ্বত ২৫ কোটি শিশু বিদ্যালয়ৰ বাহিৰত থকা বুলি ঘোষণা কৰিছিল৷

শৈক্ষিক ক্ষেত্রত এক ভয়াৱহ সংকট চলি থকা বুলি কোভিড–১৯ মহামাৰীৰ পূর্বেই গুটাৰেছে উল্লেখ কৰাৰ পিছত শেহতীয়াকৈ ইউনেস্ক’ আৰু কেইবাটাও সহযোগী সংস্থাই আশংকা কৰিছে যে বিশ্বৰ ১৮০খন দেশত প্রাক প্রাথমিকৰ পৰা বিশ্ববিদ্যালয় পর্যায়লৈ প্রায় ২৪ নিযুত শিক্ষার্থীৰ শিক্ষা আধাতে বন্ধ হৈ পৰিব৷ একমাত্র কোভিড–১৯–এ এই দুর্যোগ কঢ়িয়াই অনা বুলি ইউনেস্ক’ৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে৷
Published by: Sanjay Kumar Das
First published: August 7, 2020, 7:19 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading