পাকিস্তানৰ কুকাণ্ড, উইং কমাণ্ডাৰ অভিনন্দনৰ প্ৰতিমূৰ্তি নিৰ্মাণ, লগত ৰাখিলে চাহৰ কাপ

বিগত বিশ্বকাপ ক্ৰিকেটৰ সময়তো পাকিস্তানে এটা বিতৰ্কিত বিজ্ঞাপন প্ৰকাশ কৰিছিল।

News18-Assam
Updated:November 10, 2019, 6:05 PM IST
পাকিস্তানৰ কুকাণ্ড, উইং কমাণ্ডাৰ অভিনন্দনৰ প্ৰতিমূৰ্তি নিৰ্মাণ, লগত ৰাখিলে চাহৰ কাপ
বিগত বিশ্বকাপ ক্ৰিকেটৰ সময়তো পাকিস্তানে এটা বিতৰ্কিত বিজ্ঞাপন প্ৰকাশ কৰিছিল।
News18-Assam
Updated: November 10, 2019, 6:05 PM IST
আকৌ এবাৰ পোহৰলৈ আহিছে পাকিস্তানৰ কুকৰ্ম। এইবাৰ পাকিস্তানে ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ অভিনন্দনৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে পাকিস্তানৰ বায়ুসেনাৰ ৱাৰ মিউজিয়ামত। অভিনন্দনৰ প্ৰতিমূৰ্তিৰ কাষত ৰাখিছে এটা চাহৰ কাপ। পাকিস্তানৰ এই কৰ্মকাণ্ড টুইটাৰত উদঙাইছে পাকিস্তানী সাংবাদিক তথা ৰাজনৈতিক বিশ্লেষক আনৱাৰ লোধীয়ে। লোধীয়ে অভিনন্দনৰ প্ৰতিমূৰ্তিৰ ফটোও শ্বেয়াৰ কৰিছে।

উল্লেখযোগ্য যে ফেব্ৰুৱাৰী মাহত যেতিয়া উইং কমাণ্ডাৰ অভিনন্দন পাকিস্তানৰ হাতত আছিল তেতিয়া পাকিস্তানৰ বায়ুসেনাই এটা ভিডিঅ’ মুকলি কৰিছিল। সেই ভিডিঅ’ত দেখা গৈছিল যে উইং কমাণ্ডাৰ অভিনন্দনৰ হাতত এটা কাপ আছিল আৰু তেওঁ চাহ খাই আছিল। সেই সময়তে পাকিস্তানৰ বিষয়াই অভিনন্দনক ভাৰতৰ তথ্য বিচাৰিছিল, কিন্তু অভিনন্দনে কোনো তথ্য দিবলৈ অপাৰগতা প্ৰকাশ কৰিছিল। ইয়াৰ পিছতে তেওঁক সোধা হৈছিল চাহ কেনেকুৱা হৈছে। অভিনন্দনে কৈছিল, ‘চাহ বহুত সুন্দৰ’, ধন্যবাদ’।


বিগত বিশ্বকাপ ক্ৰিকেটৰ সময়তো পাকিস্তানে এটা বিতৰ্কিত বিজ্ঞাপন প্ৰকাশ কৰিছিল। এই বিজ্ঞাপনত উইং কমাণ্ডাৰ অভিনন্দনৰ দৰে এজন লোকক হৈতত চাহৰ কাপ লৈ থকা দেখা গৈছিল। পাকিস্তানী মিডিয়াই অভিনন্দন আৰু তেওঁৰ চাহৰ কাপক লৈ ট্ৰ’ল কৰিছিল।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি