তুৰস্কৰ ইস্তানবুলৰ এখন আদালতে আদনান অক্তাৰ নামৰ এজন ব্যক্তিক ১০টা বেলেগ বেলেগ অপৰাধৰ বাবে ১০৭৫ বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে। আদনানে উগ্ৰবাদৰ বিষয়ে প্ৰচাৰ কৰাৰ লগতে মহিলাসকলক "মেকুৰী" ৰূপে আখ্যা দিছিল।
ডেইলী মেইলৰ বাতৰি অনুসৰি আদালতে তেওঁক অপৰাধীৰ গোট গঠন আৰু নাবালকসকলৰ যৌন শোষণকে ধৰি অন্যান্য অপৰাধৰ বাবে দোষী সাব্যস্ত কৰে (charges including rape, child abuse, espionage and blackmail)। বহু ভুক্তভোগী মহিলাই তেওঁৰ বিৰুদ্ধে মুকলিকৈ প্ৰকাশ কৰে। মহিলাসকলে কৈছিল যে তেওঁলোকক ভয়ংকৰ অত্যাচাৰৰ সন্মুখীন কৰোৱা হৈছিল। এগৰাকী মহিলাই কৈছিল যে অক্তাৰে (Adnan Oktar) তেওঁক ১৬ বছৰ বয়সত যৌন নিৰ্যাতন কৰিছিল।
ৰাজনৈতিক আৰু সামৰিক বিভাগত যৌন অপৰাধ, নাবালকক যৌন উৎপীড়ন, প্ৰৱঞ্চনা আৰু গুপ্তচৰ বৃত্তিৰ অভিযোগত প্ৰায় ৭৮জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ২৩৬জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু ইতিমধ্যে ৭৮জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
অক্তাৰৰ বিৰুদ্ধে গুৰুতৰ যৌন অপৰাধৰ অভিযোগো অন্তৰ্ভুক্ত কৰা হৈছিল। অক্তাৰে ডিচেম্বৰত বিচাৰকক কৈছিল যে তেওঁৰ প্ৰায় ১০০০ প্ৰেমিকা আছে। অক্টোবৰত আন এক শুনানিত তেওঁ কৈছিল, "মোৰ হৃদয় মহিলাসকলৰ প্ৰতি থকা মৰমেৰে ভৰি পৰিছিল। প্ৰেম হৈছে এক মানৱীয় গুণ।''
![]()
অসাধাৰণভাৱে শক্তিশালী বুলি নিজকে প্ৰকাশ কৰা অক্তাৰৰ ঘৰৰ পৰা ৬৯,০০০ গৰ্ভনিৰোধক টেবলেট বিচাৰি পাইছিল। অক্তাৰৰ মতে, ছালৰ ৰোগ আৰু মহিলাৰ ঋতুস্ৰাৱজনিত চিকিৎসাৰ বাবে ইয়াৰ ব্যৱহাৰ কৰা হৈছিল।
তেওঁ ডাৰউইনৰ বিৱৰ্তনৰ তত্ত্বক প্ৰত্যাখ্যান কৰিছিল। তেওঁ 'দ্য এটলাছ অফ ক্ৰিয়েচন' নামৰ এখন ৭৭০ পৃষ্ঠাৰ কিতাপো লিখিছিল। ধৰ্ষণ, শিশু উৎপীড়ন, চোৰাংচোৱা আৰু ব্লেকমেইলৰ অভিযোগত অক্তাৰক তুৰস্কত (Turkey) ১,০৭৫ বছৰৰ কাৰাদণ্ড দিয়া হৈছে। ৬৪ বছৰীয়া অক্তাৰে সকলো অভিযোগ অস্বীকাৰ কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|