শ্বপিং মলত ২০জন লোকক গুলীয়াই হত্যা সেনা জোৱানৰ, লিখিলে – মৃত্যুৰ পৰা কোনো সাৰি যাব নোৱাৰিব

News18 Assam | News18-Assam
Updated:February 9, 2020, 8:34 AM IST
শ্বপিং মলত ২০জন লোকক গুলীয়াই হত্যা সেনা জোৱানৰ, লিখিলে – মৃত্যুৰ পৰা কোনো সাৰি যাব নোৱাৰিব
মাৰণাস্ত্ৰ চুৰি কৰাৰ পূৰ্বে কমাণ্ডিং অফিচাৰৰ ওপৰতো আক্ৰমণ চলাইছিল জোৱানজনে।

মাৰণাস্ত্ৰ চুৰি কৰাৰ পূৰ্বে কমাণ্ডিং অফিচাৰৰ ওপৰতো আক্ৰমণ চলাইছিল জোৱানজনে।

  • Share this:
থাইলেণ্ডৰ এজন সেনা জোৱানৰ নিৰ্বিচাৰ গুলীচালনাত নিহত হৈছে ২০জনকৈ লোক। থাইলেণ্ডৰ কোৰাট চহৰৰ উত্তৰ পূব অঞ্চলত এই ঘটনা। বন্দুকধাৰীৰ কবলৰ পৰা কেইবা ডজন লোকক উদ্ধাৰ কৰে সশস্ত্ৰ আৰক্ষীয়ে।

বেংকক পোষ্টৰ খবৰ অনুসৰি, সন্দেহজনক জোৱানজনৰ বয়স প্ৰায় ৩২ বছৰ। জোৱানজনে শ্বপিং চেণ্টাৰত থকা লোকসকলক পণবন্দী কৰি ধাৰাসাৰ গুলীচালনা কৰে। অৱশ্যে আনুষ্ঠানিকভাৱে এই কথা নিশ্চিত কৰা হোৱা নাই।

প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ মুখপাত্ৰই কয় যে সেনাৰ কনিষ্ঠ বিষয়া জকৰাফন্থ থোমাই সেনা শিবিৰৰ পৰা মাৰণাস্ত্ৰ চুৰি কৰি পলায়ন কৰিছিল। মাৰণাস্ত্ৰ চুৰি কৰাৰ পূৰ্বে কমাণ্ডিং অফিচাৰৰ ওপৰতো আক্ৰমণ চলাইছিল জোৱানজনে। এই আক্ৰমণৰ পিছতে শ্বপিং চেণ্টাৰ আৰু এটা বৌদ্ধ মন্দিৰতো গুলীচালনা কৰে।

ইয়াৰ পিছতে বন্দুকধাৰীয়ে ফেচবুকত নিজৰ ফটো পোষ্ট কৰি লিখিছে – ‘মই আত্মসমৰ্পণ কৰা উচিত নেকি? মৃত্যুৰ পৰা কোনো সাৰি যাব নোৱাৰিব’। ফেচবুকত এটা ভিডিঅ’ও শ্বেয়াৰ কৰে আক্ৰমণকাৰীয়ে, যিটো পিছত আঁতৰাই দিয়া হয়।
আৰু চাওক
পৰৱৰ্তী বাতৰি