‘ৰাহুল গান্ধীয়ে শিক্ষকক মুহিব বিচাৰে, কিন্তু বিষয়বস্তুত দক্ষতা প্ৰাপ্তিৰ কাৰণে ধাউতি, যোগ্যতাৰ অভাৱ’ 

News18 Assam | News18-Assam
Updated:November 13, 2020, 8:53 AM IST
‘ৰাহুল গান্ধীয়ে শিক্ষকক মুহিব বিচাৰে, কিন্তু বিষয়বস্তুত দক্ষতা প্ৰাপ্তিৰ কাৰণে ধাউতি, যোগ্যতাৰ অভাৱ’ 
প্ৰাক্তন প্রধানমন্ত্ৰী ড০ মনমোহন সিঙৰ বিষয়ে বৰ্ণনা কৰি অবামাই লিখিছে – তেওঁ এক নিৰ্লিপ্ত সততাৰ (Impassive Integrity) অধিকাৰী।

প্ৰাক্তন প্রধানমন্ত্ৰী ড০ মনমোহন সিঙৰ বিষয়ে বৰ্ণনা কৰি অবামাই লিখিছে – তেওঁ এক নিৰ্লিপ্ত সততাৰ (Impassive Integrity) অধিকাৰী।

  • Share this:
প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি বাৰাক অবামাই লিখি উলিয়ালে আত্ম জীৱনীমূলক গ্ৰন্থ। নিজৰ জীৱনৰ ওপৰত আধাৰিত প্ৰথমজন কৃষ্ণ বৰ্ণৰ মাৰ্কিন ৰাষ্ট্ৰপতিৰ গ্ৰন্থখনৰ নাম হৈছে – ‘A Promised Land'। ইংৰাজী দৈনিক The New York Timesত প্রকাশ কৰা মতে, গ্ৰন্থখনত স্থান পাইছে ৰাহুল গান্ধী, ছোনিয়া গান্ধী আৰু প্রাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে।

ৰাহুল গান্ধীৰ বিষয়ে বৰ্ণনা কৰি অবামাই লিখিছে – ৰাহুল গান্ধীয়ে শিক্ষকক মুহিব বিচাৰে, কিন্তু বিষয়বস্তুত দক্ষতা প্ৰাপ্তিৰ কাৰণে ধাউতি আৰু যোগ্যতাৰ  অভাৱ। গান্ধীক বিচলিত মানসিকতাৰ অধিকাৰী (Nervous Uniformed Quality) বুলিও ক’ব খোজে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে।

প্ৰাক্তন প্রধানমন্ত্ৰী ড০ মনমোহন সিঙৰ বিষয়ে বৰ্ণনা কৰি অবামাই লিখিছে – তেওঁ এক নিৰ্লিপ্ত সততাৰ (Impassive Integrity) অধিকাৰী। গ্ৰন্থখনত বাৰাক অবামাই কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ বিষয়েও উল্লেখ কৰিছে। ৭৬৮ পৃষ্ঠাৰ গ্ৰন্থখন অহা ১৭ নৱেম্বৰত বজাৰত উপলব্ধ হ’ব।
Published by: Sanjay Kumar Das
First published: November 13, 2020, 8:53 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading