• Home
  • »
  • News
  • »
  • world
  • »
  • এগৰাকী মহিলা যাত্ৰীয়ে কৰিলে এনে কাম, আন ১২৮ যাত্ৰীক বিমানসহ ওভতাই পঠিয়ালে বন্দৰৰ আৰক্ষীয়ে

এগৰাকী মহিলা যাত্ৰীয়ে কৰিলে এনে কাম, আন ১২৮ যাত্ৰীক বিমানসহ ওভতাই পঠিয়ালে বন্দৰৰ আৰক্ষীয়ে

এজন বিমান যাত্ৰীয়ে এনে এটা আক্ৰমণ চলাইছিল, য'ত বিমান সেৱকজন চিকিৎসালয়ত ভৰ্তি হ'ব লগা হৈছিল।

এজন বিমান যাত্ৰীয়ে এনে এটা আক্ৰমণ চলাইছিল, য'ত বিমান সেৱকজন চিকিৎসালয়ত ভৰ্তি হ'ব লগা হৈছিল।

এজন বিমান যাত্ৰীয়ে এনে এটা আক্ৰমণ চলাইছিল, য'ত বিমান সেৱকজন চিকিৎসালয়ত ভৰ্তি হ'ব লগা হৈছিল।

  • Share this:
মিয়ামি (Miami)ৰ পৰা লণ্ডন (London)লৈ যোৱা আমেৰিকান এয়াৰলাইনছৰ এখন বিমানৰ এগৰাকী যাত্ৰীয়ে মাস্ক নিপিন্ধাৰ বাবে এক বিষম পৰিস্থিতিৰ সৃষ্টি হয় আন বিমান যাত্ৰীৰ লগতে এয়াৰলাইনছৰ। বিমানখনত উঠা এগৰাকী যাত্ৰীয়ে মাস্ক পিন্ধাৰ নিয়ম (Mask Rule) নামানি মিয়ামিৰ পৰা বিমানখনত লণ্ডনলৈ যায়। আমেৰিকান এয়াৰলাইনছৰ বিমান এএল৩৮(AAL38)ত মুঠ ১২৯জন যাত্ৰী আছিল। ইয়াৰে মাজৰ এগৰাকী মহিলা যাত্ৰীক মাস্ক নিপিন্ধাকৈ লণ্ডনত বিমান অৱতৰণৰ সময়ত প্ৰত্যক্ষ কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰু বিমানখন পুনৰ মিয়ামিলৈ ওভতাই পঠিয়ায়।

মহিলাগৰাকীৰ বয়স প্ৰায় ৪০ বছৰ। এই ঘটনাৰ বাবে আন ১২৮গৰাকী যাত্ৰী অসুবিধাত পৰে। আমেৰিকান এয়াৰলাইনছে আন যাত্ৰীসকলৰ অসুবিধাৰ বাবে সকলোৰে ওচৰত ক্ষমা বিচাৰিছে। ঘটনাটো সংঘটিত হোৱাৰ পিছত এদিন দেৰিকৈ আন যাত্ৰীসকলে লণ্ডনত উপস্থিত হয়। ইতিমধ্যে উক্ত মহিলাগৰাকীক উৰণৰ পৰা নিষিদ্ধ কৰা হৈছে। আৰক্ষীৰ তদন্ত শেষ নোহোৱালৈকে মহিলাগৰাকীয়ে কোনো বিমানত উঠিব নোৱাৰিব।

উল্লেখ্য, ২০২২ বৰ্ষটোৰ প্ৰথম দুসপ্তাহত ১৫০টাৰো অধিক এনেধৰণৰ ঘটনা পোহৰলৈ আহিছে, য'ত বিমান যাত্ৰীসকলে কোৰোনা নিয়ম (মাস্ক পৰিধান) অনুসৰণ কৰিবলৈ ইচ্ছুক নহয়। উল্লেখ্য, যোৱাবৰ্ষত ৬০০০টা এনে ঘটনা পোহৰলৈ আহিছিল। ইয়াৰে কিছুমান ক্ষেত্ৰত আকৌ দেখা গৈছে যে বিমানৰ যাত্ৰীয়ে বিমান কৰ্মচাৰীৰ সৈতে কাজিয়া কৰিছিল। অক্টোবৰত, এজন বিমান যাত্ৰীয়ে এনে এটা আক্ৰমণ চলাইছিল, য'ত বিমান সেৱকজন চিকিৎসালয়ত ভৰ্তি হ'ব লগা হৈছিল।
Published by:Gautam Barman
First published: