ভাগ্যই কেতিয়া কাৰ লগত চমতকাৰ কৰে কোনেও নাজানে। এনেকুৱা কিবা এটা ঘটিল এজন যুৱকৰ লগত, যাৰ ভাগ্য জিলিকি উঠিল আৰু ২১ কোটি টকাৰ লটাৰীত জয়ী হৈ কোটিপতি হৈ পৰিল মুহূৰ্ততে। কিন্তু তাৰ আগতে তেওঁ অতি কষ্ট কৰি উপাৰ্জন কৰিছিল।
ডুবাই (Dubai)ত বাস কৰা গাড়ী ধোৱা কৰ্মী হিচাপে কৰ্মৰত নেপালী যুৱক ভৰতে ২১ কোটি টকাৰ লটাৰী (Lottery) পোৱাৰ লগে লগে তেওঁৰ ভাগ্য জিলিকি উঠিল। ভৰতে বন্ধু-বান্ধৱীৰ সৈতে মেহজুজ ড্ৰ’ (Mehzooz Draw) লটাৰী কিনিছিল, বিজয়ী হোৱাৰ পিছত এতিয়া তেওঁ নিজৰ দেশ নেপাল (Nepal)লৈ ঘূৰি অহাৰ প্ৰস্তুতি আৰম্ভ কৰিছে।
ডুবাইত নেপালৰ যুৱকে লটাৰীত জয় কৰিলে ২১ কোটি টকা
গাওঁ, দেশ, ঘৰ এৰি ভৰতে জীৱিকাৰ বাবে ডুবাইলৈ গৈছিল। ইয়াত তেওঁ আনৰ গাড়ী চাফা কৰি নিজৰ ভাগ্য জিলিকিবলৈ চেষ্টা কৰিছিল। কিন্তু তেওঁ নাজানিছিল যে ৰাতিটোৰ ভিতৰতে তেওঁৰ ভাগ্য সলনি হ’ব আৰু তেওঁ গাড়ী চাফাই কৰ্মীৰ পৰা কোটিপতি হ’ব। মূলতঃ নেপালৰ ভৰতে বন্ধুৰ সৈতে লটাৰীৰ টিকট কিনিছিল। কিন্তু ভৰতে হয়তো ভবাই নাছিল যে হঠাতে তেওঁৰ ভাগ্য ইমানেই সৌভাগ্যশালী হ’ব যে তেওঁ একেবাৰে ২১ কোটি টকাৰ লাকী ড্ৰ’ত জয়ী হ’ব ৷ ইমান ডাঙৰ লটাৰীত জয়ী হোৱা ভৰত নেপালৰ প্ৰথম নাগৰিক। ২৭ ছেপ্টেম্বৰত তেওঁ ঘৰলৈ উভতি যাবলৈ প্ৰস্তুতি চলাইছে।
ভৰতৰ জীৱনটো বৰ সংগ্ৰামেৰে ভৰা। ডুবাইত থাকি ভৰতে যোৱা ৩ বছৰ ধৰি গাড়ী ধোৱা (Car Washing)ৰ কাম কৰি আছে। দেউতাকেও তাত ৰিক্সা চলায়। ভৰতৰ ভায়েক বৰ অসুস্থ। তেওঁৰ ব্ৰেইন টিউমাৰৰ দৰে মাৰাত্মক ৰোগ আছে। দিল্লীত তাৰ চিকিৎসা চলি আছে। সেয়ে ভাৰতে লাভ কৰা লটাৰীৰ ধনেৰে পৰিয়ালৰ দায়িত্ব পালন কৰিবলৈ আৰম্ভ কৰিব বিচাৰিছে।
ইয়াৰ পূৰ্বে কেৰালাৰ বাসিন্দা অটোৰিক্সা চালক অনূপে ওনাম উপলক্ষে আয়োজন কৰা লটাৰীত ২৫ কোটি টকা জয় কৰিছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|