প্ৰেমিকাক লগ পাবলৈ সাগৰেৰে যাত্ৰা, তাৰ পিছতে জে’ল হাজোতলৈ... – পঢ়ক এক দুৰ্দান্ত প্ৰেম কাহিনী

প্ৰেমিকাক লগ পাবলৈ জীৱনটোকো তুচ্চজ্ঞান কৰি সাগৰেৰে যাত্ৰা কৰিছিল এজন আইৰিছ যুৱকে।
প্ৰেমিকাক লগ পাবলৈ জীৱনটোকো তুচ্চজ্ঞান কৰি সাগৰেৰে যাত্ৰা কৰিছিল এজন আইৰিছ যুৱকে।
- News18 Assam
- Last Updated: December 18, 2020, 9:03 AM IST
২৮ বছৰীয়া ডেল মেকলুগলানে কিন্তু পূৰ্বে কেতিয়াও পানীৰ ওপৰেৰে স্কুটাৰ চলোৱা নাছিল। তাৰ পিছতো প্ৰায় চাৰে চাৰি ঘণ্টাৰ জেট স্কি কৰি আইলৰ পৰা হুথৰনলৈ যাত্ৰা কৰিছিল। উদ্দেশ্য কেৱল প্ৰেমিকাক দেখা কৰা।
ইমানেই নহয়, সমুদ্ৰৰ পথ পাৰ হৈ ২৫ কিলোমিটাৰ পথ অতিক্ৰম কৰি ডেল উপস্থিত হৈছিল প্ৰেমিকাৰ ঘৰত। আৰক্ষীক নিজৰ ঘৰ বুলি প্ৰেমিকাৰ ঘৰৰ ঠিকনাই দিছিল ডেলে। কিন্তু পিছদিনা তেওঁ যে এই দ্বীপৰ বাসিন্দা নহয়, সেয়া জানিব পাৰি তাৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
প্ৰেমিকাক লগ নাপাই ডেল হতাশাত ভুগিছিল। দুই তিনিবাৰ চেষ্টা কৰিছিল অনুমতি লোৱাৰ, কিন্তু সেয়া খাৰিজ হয়। আৰু সেইবাবেই এই কাণ্ড কৰে যুৱকজনে।