মুখ্যপৃষ্ঠা » খবৰ

» বিশ্ব

»ঘৰৰ জাবৰ পেলাবলৈ গৈ মহিলাই আৱৰ্জনাৰ স্তূপত দেখিলে এটা 'মৃতদেহ', ভালদৰে চাওঁতে লাজতে ৰঙা–চিঙা পৰিল গাল

ঘৰৰ জাবৰ পেলাবলৈ গৈ মহিলাই আৱৰ্জনাৰ স্তূপত দেখিলে এটা 'মৃতদেহ', ভালদৰে চাওঁতে লাজতে ৰঙা–চিঙা পৰিল গাল

News18 Assam | News18-Assam
Updated:October 11, 2021, 4:56 PM IST
ঘৰৰ জাবৰ পেলাবলৈ গৈ মহিলাই আৱৰ্জনাৰ স্তূপত দেখিলে এটা 'মৃতদেহ', ভালদৰে চাওঁতে লাজতে ৰঙা–চিঙা পৰিল গাল
২৬ বছৰীয়া কাৰা লেভি (Kara Levy) মূলতঃ কেলিফৰ্নিয়া (California)ৰ যদিও ইংলেণ্ড (England)ৰ এচেক্সত বাস কৰে।

২৬ বছৰীয়া কাৰা লেভি (Kara Levy) মূলতঃ কেলিফৰ্নিয়া (California)ৰ যদিও ইংলেণ্ড (England)ৰ এচেক্সত বাস কৰে।

  • Share this:

সন্মুখত প্ৰত্যক্ষ কৰা কোনো বস্তুক লৈ কেতিয়াবা দৃষ্টিভ্ৰমৰ বাবে ইয়াক আন কিবা বুলি ধৰি লোৱা হয়। এনে চকুজনিত ভুল সাধাৰণতে সকলোৰে জীৱনত হয়। কিন্তু শেহতীয়াকৈ ইংলেণ্ডৰ এগৰাকী মহিলাৰ ক্ষেত্ৰত ঘটা এনে এক ঘটনাৰ বিষয়ে তেওঁ ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ পিছত প্ৰায়ভাগ লোক স্তম্ভিত হৈ গৈছিল। বহু লোকে এই কাহিনীটো ধেমেলীয়া বুলিছিল যদিও আন কিছুমান মানুহ যথেষ্ট আচৰিত হৈছিল।


২৬ বছৰীয়া কাৰা লেভি (Kara Levy) মূলতঃ কেলিফৰ্নিয়া (California)ৰ যদিও ইংলেণ্ড (England)ৰ এচেক্সত বাস কৰে। তেওঁ অলপতে সামাজিক মাধ্যমত এটা অদ্ভুত কাহিনী শ্বেয়াৰ কৰিছিল, যিটো যথেষ্ট জনপ্ৰিয় হৈ পৰিছে।


ডেইলী ষ্টাৰ ৱেবছাইটটোৱে প্ৰকাশ কৰা মতে, কাৰাই ৪ অক্টোবৰত তেওঁৰ প্ৰেমিক ক্ৰিছ হবছনৰ সৈতে হেলো ৰিচাইক্লিং চেণ্টাৰলৈ ঘৰৰ আৱৰ্জনা পেলাই দিবলৈ গৈ আছিল। পুৱা প্ৰায় ১০ বাজিছিল আৰু যেতিয়া দম্পতীটো ঘৰৰ পৰা আৱৰ্জনা নিক্ষেপ কৰা ঠাইত উপস্থিত হৈছিল, তেতিয়া এটা দৃশ্য দেখি তেওঁলোকৰ ভৰিত কঁপনি উঠিছিল। তেওঁলোকে আৱৰ্জনাৰ স্তূপৰ ওপৰত এটা 'মৃতদেহ' পৰি থকা দেখিছিল। দুয়ো এই দৃশ্য দেখি খুব ভয় খাইছিল, কিন্তু সাহসেৰে যেতিয়া তেওঁলোক ওচৰ চাপিছিল প্ৰত্যক্ষ কৰে এয়া মৃতদেহ নহয়, এটা যৌন পুতলা (Sex Doll)!




কাৰাই বৰ্ণনা কৰিছিল যে এইটো দেখি প্ৰথমতে ইমান সঁচা লাগিছিল যে যিকোনো লোকে সন্দেহ কৰিব যে এইটো এটা মৃতদেহ। কাৰা অপৰাধ বিষয়ক লৈ অলপ বেছি কৌতূহলী বাবে তেওঁৰ মন প্ৰথমে মৃতদেহলৈ গৈছিল। কিন্তু যেতিয়া ইয়াক পুতলা বুলি জানিব পাৰিলে তেওঁ খুব লজ্জাবোধ কৰে। কাৰাই বৰ্ণনা কৰিছিল যে পুতলাটোত এটা উইগ লগোৱা আছিল আৰু ইয়াক এগৰাকী নাৰীৰ মৃতদেহ যেন লাগিছিল। কাৰাই কয়, "মই ভাবো এয়া কোনো মূৰ্খৰ কাম যিয়ে, ভালদৰে পেক নকৰাকৈ আৱৰ্জনাত পেলাই দিছে।" কাৰাই পুতলাটোৰ এখন ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল আৰু গোটেই ঘটনাটোৰ বিষয়ে উল্লেখ কৰিছিল। ফটোতো দেখা গৈছিল ই যেন সঁচাকৈয়ে এটা মৃতদেহ।

Published by: Gautam Barman
First published: October 11, 2021, 4:56 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি