পথৰ কুকুৰ, ঘোঁৰা, মেকুৰী, গৰু বা আন জন্তুৰ প্ৰতি সহানুভূতি দেখুওৱা ঘটনা কোনো নতুন নহয়, কিন্তু এবিধ বিশেষ পতংগৰ বিষয়েও কোনো ব্যক্তি চিন্তিত হোৱা ঘটনা অত্যন্ত বিৰল। আপুনিও হয়তো এনে লোক কেতিয়াও দেখা নাই যি পঁইতাচোৰাৰ জীৱনক লৈও ব্যাকুল।
লেতেৰা পৰিৱেশৰ বাবে আমি ঘৰত এতিয়ালৈ কিমান পঁইতাচোৰা মাৰিছো তাৰ হিচাপ নাই। কিন্তু থাইলেণ্ডৰ এগৰাকী লোকে পঁইতাচোৰাৰ প্ৰতি প্ৰকাশ কৰিলে সমবেদনা। দৰাচলতে থাইলেণ্ডৰ এগৰাকী লোকে এটা আঘাতপ্ৰাপ্ত পঁইতাচোৰাক চিকিৎসা কৰিবলৈ এখন পশু চিকিৎসালয়লৈ লৈ আহিছিল। যি দেখি আচৰিত হৈ পৰিছিল চিকিৎসকো । কিয়নো পঁইতাচোৰাক এনেদৰে চিকিৎসাৰ বাবে লৈ অহাটো তেওঁলোকে জীৱনত কেতিয়াও দেখা নাছিল।
থাইলেণ্ডৰ চিকিৎসক ডাঃ থানু লিম্পাপট্টানাৱানিচে এই কথা ফেচবুকত শ্বেয়াৰ কৰাৰ পিছতে ঘটনাটোৱে দৃষ্টি কাঢ়িছে সকলোৰে । ডাঃ থানুৱে সমগ্ৰ ঘটনাৰ বিৱৰণ দি ফেচবুক পোষ্টত লিখিছিল কিদৰে এজন ব্যক্তিয়ে আঘাতপ্ৰাপ্ত এটা পঁইতাচোৰা লৈ জৰুৰীকালীন কেয়াৰত তেওঁক সাক্ষাৎ কৰিছিল। পোষ্ট অনুসৰি পথৰ কাষত থকা পঁইতাচোৰাটোৰ ওপৰত কোনো লোকে ভৰি দিয়াৰ ফলত আঘাতপ্ৰাপ্ত হোৱাক তাক মৰিবলৈ এৰি নিদি পশু চিকিৎসালয়ত চিকিৎসা কৰিবলৈ লৈ আনিছিল ব্যক্তিগৰাকীয়ে ।
ডাঃ থানুৱে থাই ভাষাত কৰা এই পোষ্টটোত সমগ্ৰ কাহিনীটো বৰ্ণনা কৰি দুখন ফটোও শ্বেয়াৰ কৰিছিল, য'ত এজন ক'লা ছাৰ্ট পিন্ধা এগৰাকী অচিনাক্ত ব্যক্তিয়ে আঘাতপ্ৰাপ্ত অৱস্থাত পঁইতাচোৰাটো লৈ অনা দেখিবলৈ পোৱা গৈছে। পশু চিকিৎসকগৰাকীয়ে অৱশ্যে পাৰ্থিৱ প্ৰতিটো জীৱন মূল্যৱান বুলি উল্লেখ কৰি ব্যক্তিগৰাকীৰ দয়ালু মনোভাবক প্ৰশংসাৰে উপচাই তোলে।
লক্ষ্যণীয় যে পঁইতাচোৰাটোৰ চিকিৎসাৰ বাবে চিকিৎসকগৰাকীয়ে কোনো মাচুল লোৱা নাছিল আৰু তেওঁক পতংগটো লগত লৈ যাবলৈ অনুমতি দিছিল । চিকিৎসকগৰাকীয়ে পোষ্ট কৰা এই অনন্য কাহিনীয়ে ছ'চিয়েল মিডিয়াত সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।