যুদ্ধভূমিৰ খবৰ : পৰেশ বৰুৱাৰ ULFA(I), NSCN(K) আৰু অন্যান্য

পৰেশ বৰুৱা সেইদিনা টাগাৰ শিৱিৰত নাছিল৷ নাছিল মানে বহুদিনৰ আগৰ পৰাই নাছিল৷ যিদিনা বাৰ্মিজ সেনাই টাগাত অভিযান আৰম্ভ কৰিছিল, সেইদিনা পৰেশ বৰুৱা আছিল দক্ষিণ-পূব এছিয়াৰ এক বিশেষ স্থানত৷ লগত আছিল পুৰণি এক সৰ্তীথ বন্ধু৷

news18assam
Updated:June 7, 2019, 7:39 AM IST
যুদ্ধভূমিৰ খবৰ : পৰেশ বৰুৱাৰ ULFA(I), NSCN(K) আৰু অন্যান্য
পৰেশ বৰুৱা সেইদিনা টাগাৰ শিৱিৰত নাছিল৷ নাছিল মানে বহুদিনৰ আগৰ পৰাই নাছিল৷ যিদিনা বাৰ্মিজ সেনাই টাগাত অভিযান আৰম্ভ কৰিছিল, সেইদিনা পৰেশ বৰুৱা আছিল দক্ষিণ-পূব এছিয়াৰ এক বিশেষ স্থানত৷ লগত আছিল পুৰণি এক সৰ্তীথ বন্ধু৷
news18assam
Updated: June 7, 2019, 7:39 AM IST
বিজু কুমাৰ ডেকা : সময় তেতিয়া দুপৰীয়া প্ৰায় ডেৰ বাজিছিল৷ পাহাৰৰ সামান্য নামনিত থকা সৰু সৰু ঘৰসমূহৰ পৰা দূৰণিত দেখা গৈছিল বহুকেইখন গাড়ী৷ পাহাৰৰ একা-বেঁকা পথেৰে আগবাঢ়ি আছে গাড়ীসমূহ৷ দূৰৈৰ পাহাৰত গাড়ীকেইখন দেখাৰ লগে লগে পাহাৰৰ সামান্য নামনিত থকা ঘৰসমূহলৈ প্ৰৱেশ কৰা মূল পথৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰত্বত দেখা গ'ল আন এক দৃশ্য৷ আগবাঢ়ি আহিছে এজাক সেনা৷ হাতে উদ্যত মাৰণাস্ত্ৰ৷ সেনা মানে, বাৰ্মিজ সেনা৷ টাটমাদাউ৷ হয়, ম্যানমাৰৰ সেনাৰ বৃহৎ দলটো পদব্ৰজে আগবাঢ়িছে সৰু সৰু ঘৰসমূহৰ দিশে৷ পিছে পিছে বহুকেইখন গাড়ীত উঠি আন এটা সেনাৰ বৃহৎ দল৷

সেই ঘৰসমূহেই আছিল নগা সশস্ত্ৰ বিদ্ৰোহী সংগঠন নেচনেল ছচিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ড (NSCN-K)ৰ৷ NSCN-Kৰ ৰাজধানী৷ অৰ্থাৎ অকিং৷ হাজাৰোধিক সশস্ত্ৰ গেৰিলাই শীৰ্ষ নেতৃত্বৰে থকা অকিং৷



হঠাতে পদব্ৰজে বাৰ্মিজ সেনাৰ বৃহৎ দলে অকিঙৰ দিশে আগবাঢ়ি অহাত হঠচকিত হৈছিল সংগঠনৰ সেনানী নাগা আৰ্মী৷ পজিছন লৈছিল এণ্ট্ৰী প'ষ্টত থকাসকলে৷ হুৱাদুৱা লাগি গৈছিল অকিঙত৷

পজিছন লোৱাত লৈছিলেই; কিন্তু মুহূৰ্ততে আহিছিল সেনাপ্ৰধান কমচুক পাঙমেইৰ নিৰ্দেশনা৷ কাম ৱেক্৷ লগতে কোৱা হ'ল আঁতৰি যাৱ লাগে শীঘ্ৰে অকিঙৰ পৰা৷

সকলো হতভম্ব হৈছিল৷ কিন্তু সেনাপ্ৰধানৰ নিৰ্দেশ৷ লগে লগে যিয়ে যেনি পাৰে অকিং এৰি আঁতৰি যোৱাত ব্যস্ত হ'ল৷ লগত মাত্ৰ নিজ নিজ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদ৷ যাৰ য'ত পোছাক-পাতি আছিল হাততে ঢুকি পোৱাখিনিকে লৈ মৰমৰ অকিং এৰিছিল নাগা আৰ্মীয়ে৷ একেদৰে নেতৃবৰ্গও আঁতৰি গৈছিল অকিং৷



সেয়া আছিল মঙলবাৰৰ অমংগল বতৰা৷ NSCN-Kৰ ৰাজধানী দখল কৰিছিল বাৰ্মিজ সেনাই৷ কিন্তু কোনো গুলীয়াগুলী হোৱা নাছিল দুয়োপক্ষৰ মাজত৷ বিশ্বৰ বিদ্ৰোহী সংগঠনসমূহৰ ইতিহাসত এক নজিৰবিহীন ঘটনা৷ নিজৰ মুখ্য কাৰ্যালয়, নিজৰ ৰাজধানী চৰকাৰী সেনাৰ ওচৰত নিৰ্বিঘ্নে এৰি দিয়াৰ নজিৰ নাই৷ এৰি দিলেও এঘড়ী যুঁজিহে এৰে৷

এই সমস্ত ঘটনা এই প্ৰতিবেদকক বিৱৰি কৈছিল সেই সময়ত অকিঙত থকা এজন জেষ্ঠ নেতাই৷ তেওঁ কৈছিল,
"ম্যানমাৰৰ সৈতে থকা যুদ্ধবিৰতি চুক্তিক সন্মান জনাই আমি আক্ৰমণ কৰা নাছিলো টাটমাদাউক৷ আমি আঁতৰি আহিছিলো৷ আমি যুদ্ধ বিচৰা নাই৷ আমি শান্তিৰে, আলোচনাৰে বিষয়সমূহ মীমাংসা কৰিব বিচাৰো৷"



এই যে NSCN-Kৰ ৰাজধানী দখলৰ কথা কোৱা হৈছে, আপোনাৰ মনত নিশ্চয় উদয় হৈছে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বাধীন)ৰ কথা৷ সেই দিনটোত কি হৈছিল আলফা (স্বাধীন)ৰ? ক'ত কি কামত ব্যস্ত আছিল পৰেশ বৰুৱাই?

পৰেশ বৰুৱা সেইদিনা টাগাৰ শিৱিৰত নাছিল৷ নাছিল মানে বহুদিনৰ আগৰ পৰাই নাছিল৷ যিদিনা বাৰ্মিজ সেনাই টাগাত অভিযান আৰম্ভ কৰিছিল, সেইদিনা পৰেশ বৰুৱা আছিল দক্ষিণ-পূব এছিয়াৰ এক বিশেষ স্থানত৷ লগত আছিল পুৰণি এক সৰ্তীথ বন্ধু৷

পৰেশ বৰুৱাই জানিছিল - এনেকুৱা ঘটনা ঘটিব, যি ঘটনা ২০০৩ৰ ডিচেম্বৰত ভূটানত ঘটিছিল৷ ভাৰতীয় সেনাৰ সহযোগত ভূটানৰ ৰয়েল ভূটান আৰ্মীয়ে চলাইছিল ভাৰতীয়মূলৰ বিদ্ৰোহী সংগঠনৰ ওপৰত আক্ৰমণ৷ অনুৰূপ ঘটনা ঘটিছিল বাংলাদেশত৷ ২০০৯ৰ নবেম্বৰত ভাৰতীয় চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত বাংলাদেশৰ ৰেপিড একশ্যন বেটেলিয়নে আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা, বিত্ত সচিব চিত্ৰবন হাজৰিকা, বৈদেশিক সচিব শশধৰ চৌধুৰী, উপ–সেনাধ্যক্ষ ৰাজু বৰুৱাকে প্ৰমুখ্যে কৰি গৰিষ্ঠসংখ্যকক গ্ৰেপ্তাৰ কৰি গতাই দিছিল ভাৰত চৰকাৰৰ হাতত৷



ম্যানমাৰত আলফাৰ শিবিৰত যে এদিন নহয় এদিন ভাৰত চৰকাৰৰ হেঁচাত বাৰ্মিজ সেনাই আক্ৰমণ কৰিব; তাক অনুধাৱন কৰিছিল পৰেশ বৰুৱাই৷ এই প্ৰসংগ এবাৰ এই প্ৰতিবেদকেই উত্থাপন কৰিছিল পৰেশ বৰুৱাৰ সন্মুখত৷ পৰেশ বৰুৱাক সোধা হৈছিল- "ভূটানৰ পিছত বাংলাদেশ৷ বাংলাদেশৰ পিছত ম্যানমাৰ৷ ম্যানমাৰতো যদি উৎখাত কৰা হয় আলফাক, আলফাৰ পৰৱৰ্তী আশ্ৰয়স্থল কি হ'ব? চীনে দিবনে আশ্ৰয়?"

উত্তৰত পৰেশ বৰুৱাই কৈছিল ভূ-ৰাজনীতিৰ কথা৷ আজিৰ আধুনিক পৃথিৱীত ভূ-ৰাজনীতিৰ কথা কৈ পৰেশ বৰুৱাই কৈছিল-
"পানীক কোনেও ভেটি ৰাখিব নোৱাৰে৷ ঠিক তেনেদৰে মানুহকো কোনেও ভেটা দি ৰাখিব নোৱাৰে৷ আমি সংগ্ৰামী মানুহ৷ আমাৰ সংগ্ৰাম আমি চলাই যাম৷ ভূ-ৰাজনীতিয়ে আমাক সহায় কৰিব৷ কোনো কোনো ৰাষ্ট্ৰই নিশ্চয় আমাক সহায় কৰিব৷"

এইবোৰ কথা গমি-পিতিয়েই টাগাৰ শিৱিৰৰ সকলোকে সতৰ্ক কৰি ৰাখিছিল পৰেশ বৰুৱাই৷ যিকোনো সময়ত পৰিস্থিতি বুজি শিৱিৰ এৰিব যে লাগিব সেই কথা বুজাই ৰাখিছিল দায়িত্বত থকা বিষয়াসকলক৷ সেই কথা এই প্ৰতিবেদকক বাৰ্মিজ সেনাৰ আক্ৰমণৰ পিছত পৰেশ বৰুৱাই নিজেই কৈছিল৷



আলফা (স্বাধীন)ৰ সকলো নেতা-কেডাৰে NSCN(K)ৰ দৰেই টাগাৰ মুখ্য শিৱিৰ এৰিছিল৷ একেদৰেই NDFB(S), KLO, PDCK আৰু মণিপুৰৰ UNLF, KYKL, PLA, RPF, PREPAKৰ শিৱিৰত বাৰ্মিজ সেনাই চলাইছিল আক্ৰমণ৷ এই আক্ৰমণৰ পৰা ৰক্ষা পাবলগীয়া যিয়ে যেনি পাৰে তেনি পলায়ন কৰিছিল৷ অৱশ্যে বাৰ্মিজ সেনাৰ আক্ৰমণত NSCN(K)ৰ লগতে ভাৰতীয় মূলৰ ত্ৰিশতকৈ বেছি নেতা-কেডাৰ আটক হৈছিল৷ লগতে বাৰ্মিজ সেনাই জব্দ কৰিছিল শিৱিৰসমূহৰ পৰা বহু পৰিমাণৰ অত্যাধুনিক মাৰণাস্ত্ৰ আৰু গুলী-বাৰুদ৷

NSCN(K) আৰু আলফা(স্বাধীন)কে প্ৰমুখ্যে কৰি ভাৰতীয় মূলৰ বিদ্ৰোহী সংগঠনসমূহৰ বিৰুদ্ধে অনিৰ্দিষ্ট কাললৈ চলিব বুলি দুই জুনত পুনৰ স্পষ্ট কৰি দিছে বাৰ্মিজ সেনাই ৷ সমান্তৰালকৈ NSCN(K)এ 'সাৰ্বভৌমত্ব'ৰ দাবীক এৰিবলৈ নাৰাজ ৷ স্বাধীন নাগালিমৰ বাবে সংগ্ৰাম চলাই যাব বুলি NSCN(K)ৰ প্ৰচাৰ সচিব যোছেফ লামকাঙে ৩ জুনত এই প্ৰতিবেদকৰে হোৱা এক বাৰ্তালাপত স্পষ্ট কৰি দিছে৷
আৰু চাওক পৰৱৰ্তী বাতৰি