মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »বৰফেৰে ঢাক খাই গৈছিল হৰিণাৰ মুখ, কাণ আৰু চকু; হৈ পৰিছিল বিচলিত, তাৰ পিছত পৰ্বতাৰোহীসকলে কৰিলে সহায়

বৰফেৰে ঢাক খাই গৈছিল হৰিণাৰ মুখ, কাণ আৰু চকু; হৈ পৰিছিল বিচলিত, তাৰ পিছত পৰ্বতাৰোহীসকলে কৰিলে সহায়

শীতৰ তীব্ৰ ধুমুহাৰ বাবে এটা হৰিণৰ মুখ, চকু আৰু কাণত সম্পূৰ্ণৰূপে হিমায়িত হৈছে

শীতৰ তীব্ৰ ধুমুহাৰ বাবে এটা হৰিণৰ মুখ, চকু আৰু কাণত সম্পূৰ্ণৰূপে হিমায়িত হৈছে

  • Share this:
বিশ্বৰ বিভিন্ন প্ৰান্তত এতিয়া প্ৰচণ্ড শীতৰ প্ৰভাৱ। কোনো ঠাইত শিলাবৃষ্টি হৈছে, কোনো ঠাইত তুষাৰপাত নাইবা ঘন কুঁৱলিৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ বহু ঠাইত অত্যাধিক ঠাণ্ডা বতৰক ‘‘শীতৰ বৰফৰ ধুমুহা’’ বুলি অভিহিত কৰা হৈছে, কিয়নো শীতৰ এই ঠাণ্ডাই লাখ লাখ লোকক যথেষ্ট কষ্ট দিছে আৰু মানুহৰ মাজত অভূতপূৰ্ব ভয় আৰু বিশৃংখলতাৰ সৃষ্টি কৰিছে। পৃথিৱীৰ আন বহুতো অংশই অত্যন্ত ঠাণ্ডা তাপমাত্ৰাৰ সৈতে যুঁজি আছে। কেৱল মানুহেই নহয়, জীৱ-জন্তুও প্ৰকৃতিৰ এই ৰূপৰ বলি হৈছে। শেহতীয়া এটা ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি পৰিছে য’ত শীতৰ তীব্ৰ ধুমুহাৰ বাবে এটা হৰিণৰ মুখ, চকু আৰু কাণত সম্পূৰ্ণৰূপে হিমায়িত হোৱা দেখা গৈছে। উল্লেখ্য যে, দুজন পৰ্বতাৰোহীয়ে হৰিণাটোক উদ্ধাৰ কৰি সহায় কৰিছিল।

ৰেডিটত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত, দুজন পৰ্বতাৰোহীয়ে এটা হৰিণাক দেখিছিল যাৰ মুখখন সম্পূৰ্ণৰূপে হিমায়িত হৈ আছিল। হৰিণটোৱে মূৰেৰে বৰফৰ তলত খাদ্য বিচাৰিবলৈ চেষ্টা কৰি থাকোতে হয়তো এনে ঘটনা হয় বুলি অনুমান কৰা হৈছে। যেতিয়া পৰ্বতাৰোহীসকল হৰিণাটোৰ ওচৰলৈ আহোতে প্ৰথমে হৰিণাটো ভয়ত পলাই গৈছিল। অৱশ্যে, কিছু সময়ৰ পিছত দুয়োজনে বিপদাপন্ন জন্তুটোক ধৰি তাৰ মুখৰ বৰফ আঁতৰাই পেলাইছিল। মুক্ত হৈ হৰিণাটো সেই ঠাইৰ পৰা পলাই যোৱা ভিডিঅ'টোত দেখিবলৈ পোৱা গৈছে।

ৰেডিট ব্যৱহাৰকাৰীসকলে হৰিণাটোৰ জীৱন ৰক্ষা কৰাৰ বাবে পৰ্বতাৰোহী দুজনক ধন্যবাদ জনায় আৰু তেওঁলোকৰ প্ৰচেষ্টাক প্ৰশংসা কৰে। এজন ব্যৱহাৰকাৰীয়ে লিখে, ‘‘মই আচৰিত হওঁ যে মানুহ হৈছে একমাত্ৰ প্ৰজাতি যি য়ে আন প্ৰাণীবোৰক বিশুদ্ধ সহানুভূতিৰে সহায় কৰে। মই নিশ্চিত যে আমি নহয়, কিন্তু মই নিশ্চিতভাৱে ভাবো যে এইটো মানৱতাৰ এক সুন্দৰ অংশ।" আন এজনে লিখিছে,"বেচেৰা হৰিণাটো! আনন্দিত যে তেওঁলোকে তেওঁক সহায় কৰিছিল। শীতকাল জন্তুৰ বাবে কঠিন।"

শেহতীয়া বাতৰি