• Home
  • »
  • News
  • »
  • world
  • »
  • Chess Playing Robot : ৭ বছৰীয়া শিশুৰ সৈতে দবা খেলি থকা ৰবটে হঠাতে ভাঙিলে আঙুলি, চাওক বিপজ্জনক ভিডিঅ'

Chess Playing Robot : ৭ বছৰীয়া শিশুৰ সৈতে দবা খেলি থকা ৰবটে হঠাতে ভাঙিলে আঙুলি, চাওক বিপজ্জনক ভিডিঅ'

এই ঘটনাৰ পিছত এতিয়া ৰবটৰ প্ৰতি আশংকা জগাই তুলিছে মানুহৰ মাজত।

এই ঘটনাৰ পিছত এতিয়া ৰবটৰ প্ৰতি আশংকা জগাই তুলিছে মানুহৰ মাজত।

এই ঘটনাৰ পিছত এতিয়া ৰবটৰ প্ৰতি আশংকা জগাই তুলিছে মানুহৰ মাজত।

  • Share this:
এখন দবাখেল, ইটো মূৰত এটি ৭ বছৰীয়া শিশু আৰু আনটো মূৰত এটা ৰবট। খেলৰ চাল চলি থকাৰ সময়তে হঠাতে ঘটিল অঘটন।

ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা ভাইৰেল ভিডিঅ’টোত ৰবট আৰু শিশুটিৰ খেলত ৰবটে নিজৰ দবাগুটিৰে শিশুটিৰ এটা গুটি বাহিৰত থৈ দিয়ে। ইয়াৰ পিছত শিশুটিয়ে নিজৰ গুটি আগবঢ়াবলৈ যাওঁতে ৰবটে হেঁচি ধৰে তেওঁৰ আঙুলিত। শিশুটিক সহায় কৰিবলৈ চাৰিজন লোক আগবাঢ়ি আহে। অৱশেষত তেওঁলোকে তেওঁক ৰবটৰ হাতৰ পৰা মুক্ত কৰে।

যোৱা সপ্তাহত ৰাছিয়াৰ ৰাজধানী মস্কোত এখন দবা খেল চলি থাকোঁতে এই অঘটন সংঘটিত হয়। সংবাদ সংস্থাৰ সৈতে হোৱা কথা-বতৰাত মস্কো দবা ফেডাৰেচনৰ সভাপতি ছাৰ্গেই লাজাৰেভে কয়, ‘ৰবটে শিশুটিৰ আঙুলি ভাঙি পেলালে। সঁচাকৈয়ে বেয়া হৈছে এই কথা।' লাজাৰেভে লগতে কয় যে এই মেচিনটোৱে ইয়াৰ পূৰ্বেও কোনো দুৰ্ঘটনা নোহোৱাকৈ বহু মেচ খেলিছিল।





১৯ জুলাইত সংঘটিত হৈছিল এই দুৰ্ঘটনা। লাজাৰেভে কয় যে আপাত দৃষ্টিত অপাৰেটৰসকলে এটা কথা আওকাণ কৰিছিল। শিশুটিয়ে নিজৰ পদক্ষেপ লৈছিল খৰখেদাকৈ। ৰবটটোক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ সময় দিব লাগিছিল। শিশুটিয়ে খৰখেদা কৰা বাবে ৰবটে ধৰিলে। তথাপি এই ঘটনাৰ পিছত এতিয়া ৰবটৰ প্ৰতি আশংকা জগাই তুলিছে মানুহৰ মাজত।
Published by:Gautam Barman
First published: