এয়া এগৰাকী বৌদ্ধ ভিক্ষুৰ জীৱনত ঘটা সত্যতা। এসময়ত শান্তি আৰু জ্ঞানৰ প্ৰচাৰ কৰা বৌদ্ধ ভিক্ষুগৰাকীয়ে এতিয়া লৈ ফুৰে বোমা। পৰিৱেশ আৰু পৰিস্থিতিয়ে তেওঁক জীৱনৰ এনে এক পৰ্যায়লৈ লৈ গৈছে। এই সত্য কাহিনীৰ পটভূমি ম্যানমাৰ। এই বছৰৰ ফেব্ৰুৱাৰীত ম্যানমাৰৰ শাসনভাৰ হস্তগত কৰিছিল জুণ্টা চৰকাৰে। ম্যানমাৰৰ ৰাজনেত্ৰী তথা শান্তিৰ নোবেল প্ৰাপক আন চান চ্যু–কিক বন্দী কৰি ক্ষমতাসীন কৰা জুণ্টা চৰকাৰৰ বিৰুদ্ধে দেশৰ জনতাৰ মাজত সৃষ্টি হৈছিল প্ৰতিবাদৰ জোৱাৰ, যি আজিও একুৰা ক্ষোভৰ জুই হৈ জ্বলি আছে দেশৰ গৰিষ্ঠসংখ্যক নাগৰিকৰ অন্তৰত।
এনে এক পৰিস্থিতিত পৰি বৌদ্ধ ভিক্ষুৱেও ৰাখিব নোৱাৰিলে নিজকে। তেওঁৰ নাম কায়থেৰা। কিন্তু এতিয়া তেওঁ পৰিচিত মাইকেল ৰূপে। বৌদ্ধ ভিক্ষু কাইথেৰা মাইকেল ৰূপে ম্যানমাৰ সেনাৰ বিৰুদ্ধে এক প্ৰতিবাদী সত্তা ৰূপে উদ্ভাসি উঠিছে। হাতত লৈ ফুৰিছে মাৰণাস্ত্ৰ–বোমা। আত্মঘাতী আক্ৰমণৰ বাবে নহয়, শত্ৰু সেনাক আঘাত কৰাৰ বাবে।
সংবাদ প্ৰতিষ্ঠান ৰেডিঅ' ফ্ৰী এছিয়াৰ আগত মাইকেলে জনোৱা মতে, তেওঁৰ জন্ম ম্যানমাৰৰ য়াংগুনত। ১০ বছৰ বয়সত পিতৃৰ মৃত্যু হয় আৰু ২০ বছৰ বয়সত কেঞ্চাৰ আক্ৰান্ত মাতৃৰ ইচ্ছামতে এগৰাকী বৌদ্ধ ভিক্ষু ৰূপে শৰণ লয়। মাইকেলে নিজৰ বৌদ্ধ মঠৰ পৰা অসহায় লোকসকললৈ খাদ্য যোগান ধৰাৰ লগতে আপদকালীন সুবিধাও প্ৰদান কৰিছিল। কিন্তু ১ ফেব্ৰুৱাৰীৰ পিছত সকলো সলনি হৈ পৰে। জুণ্টা চৰকাৰ ক্ষমতালৈ অহাৰ পিছতে ৩৩ বছৰীয়া কায়থেৰাৰ জীৱনো সলনি হৈ পৰে।
তেওঁ এতিয়া বিচৰণ কৰে হাবিত। জুণ্টা চৰকাৰে আত্মসমৰ্পণ কৰাৰ বাবে জনোৱা আহ্বানক লৈ তেওঁৰ মত জুণ্টা চৰকাৰে তেওঁৰ মৃতদেহ পাব কিন্তু আত্মসমৰ্পণ নাপায়। ৰেডিঅ' ফ্ৰী এছিয়াৰ আগত তেওঁ দুখ কৰি কয়– 'আগেয়ে আমি হত্যা–হিংসাৰ পৰা আঁতৰত থকাৰ বাণী বিলাইছিলো আৰু এতিয়া নিজেই হিংসা–হত্যাৰ মাজত সোমাই পৰিলো।'
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|