• Home
  • »
  • News
  • »
  • world
  • »
  • Dan Price : প্ৰতিজন কৰ্মচাৰীক দিয়ে ৬৩ লাখ টকাৰ দৰমহা, আছে যিকোনো ঠাইৰ পৰা কাম কৰাৰ স্বাধীনতা, তীব্ৰ চৰ্চাত এগৰাকী উদাৰ বছ

Dan Price : প্ৰতিজন কৰ্মচাৰীক দিয়ে ৬৩ লাখ টকাৰ দৰমহা, আছে যিকোনো ঠাইৰ পৰা কাম কৰাৰ স্বাধীনতা, তীব্ৰ চৰ্চাত এগৰাকী উদাৰ বছ

ডেন প্ৰাইছে নিজেই তেওঁৰ টুইটাৰ একাউণ্টত এই কথা কৈছে

ডেন প্ৰাইছে নিজেই তেওঁৰ টুইটাৰ একাউণ্টত এই কথা কৈছে

ডেন প্ৰাইছে নিজেই তেওঁৰ টুইটাৰ একাউণ্টত এই কথা কৈছে

  • Share this:
এটা কোম্পানীৰ সফলতাৰ আঁৰত ইয়াৰ কৰ্মচাৰীসকলৰ পৰিশ্ৰমৰ ডাঙৰ ভূমিকা থাকে। এনে অৱস্থাত কৰ্মচাৰীজনৰো কোম্পানী আৰু বছৰ পৰা কিছু আশা থাকে, যিবোৰ কেতিয়াবা নোকোৱাকৈয়ে পূৰণ হয়, কেতিয়াবা হতাশ হ’বলগীয়া হয়। আমেৰিকাৰ পৰা অহা এজন বছৰ বিষয়ে এই সময়ত তীব্ৰ চৰ্চা চলি আছে, যিয়ে নিজৰ কৰ্মচাৰীসকলক ইমানবোৰ সুবিধা দিছে যে তেওঁক বিশ্বৰ শ্ৰেষ্ঠ বছ বুলি অভিহিত কৰা হৈছে।

আমেৰিকাৰ ভাইৰেল বছগৰাকী গ্ৰেভিটি পেমেণ্টছ (Gravity Payments) নামৰ এটা কোম্পানী চলোৱা ডেন প্ৰাইছ (Dan Price)। প্ৰাইছে তেওঁৰ কৰ্মচাৰীক কমেও ৮০ হাজাৰ ডলাৰ অৰ্থাৎ ৬৩.৭ লাখ বছৰি দৰমহা দিয়ে আৰু তেওঁ বিচাৰে সকলোৱে এই কামটো কৰক। ইয়াৰ বাহিৰেও তেওঁ নিজৰ কৰ্মচাৰীসকলক এনে কিছুমান সুবিধা দিয়ে, যিটো কোনো কোম্পানীয়ে চিন্তা কৰিব নোৱাৰে।

ঘৰৰ পৰা কাম কৰক, আপুনি পাব ৬৩ লাখ টকাৰ পেকেজ
ডেন প্ৰাইছে নিজেই তেওঁৰ টুইটাৰ একাউণ্টত এই কথা কৈছে – ‘মোৰ কোম্পানীয়ে কমেও ৮০,০০০ মাৰ্কিন ডলাৰৰ পেকেজ আগবঢ়ায়, ই তেওঁলোকক যিকোনো ঠাইৰ পৰা কাম কৰাৰ স্বাধীনতাৰ লগতে সম্পূৰ্ণ সুবিধা প্ৰদান কৰে। কৰ্মচাৰীয়ে পায় পেইড পেটাৰ্ণ ছুটী। এই সময়ত আমাৰ হাতত ৩০০ৰো অধিক চাকৰিৰ আবেদন আছে।’





তেওঁ আৰু কয় যে কোনেও নিবিচাৰে যে তেওঁ নৰকত কাম কৰিব। কোম্পানীয়ে কৰ্মচাৰীক সঠিক দৰমহা নিদিয়ে আৰু সন্মানো নিদিয়ে। তেওঁ ইনষ্টাগ্ৰামতো এই পোষ্টটো পোষ্ট কৰি ন্যায্য দৰমহাক লৈ বিতৰ্ক আৰম্ভ কৰিছে।
Published by:Gautam Barman
First published: