মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »কাবুলত সংঘটিত আত্মঘাতী বোমা বিস্ফোৰণত ২০ জন নিহত; গুৰত্বভাৱে আহত ৪০ জন

কাবুলত সংঘটিত আত্মঘাতী বোমা বিস্ফোৰণত ২০ জন নিহত; গুৰত্বভাৱে আহত ৪০ জন

আফগানিস্থানৰ ৰাজধানী কাবুলৰ খেইৰ খানা ঠাইৰ এটা মছজিদত সন্ধিয়াৰ নামাজ (প্ৰাথনা) পঢ়ি থকা সময়তে সংঘটিত হোৱা বোমা বিস্ফোৰণত ২০জন লোক নিহত হোৱাৰ উপৰিও ৪০ জন লোক আহত হয়।

আফগানিস্থানৰ ৰাজধানী কাবুলৰ খেইৰ খানা ঠাইৰ এটা মছজিদত সন্ধিয়াৰ নামাজ (প্ৰাথনা) পঢ়ি থকা সময়তে সংঘটিত হোৱা বোমা বিস্ফোৰণত ২০জন লোক নিহত হোৱাৰ উপৰিও ৪০ জন লোক আহত হয়।

আফগানিস্থানৰ ৰাজধানী কাবুলৰ খেইৰ খানা ঠাইৰ এটা মছজিদত সন্ধিয়াৰ নামাজ (প্ৰাথনা) পঢ়ি থকা সময়তে সংঘটিত হোৱা বোমা বিস্ফোৰণত ২০জন লোক নিহত হোৱাৰ উপৰিও ৪০ জন লোক আহত হয়।

  • Share this:
বুধবাৰে আফগানিস্থানৰ এটা মছজিদত সংঘটিত হোৱা এক বোমা বিস্ফোৰণে জোকাৰি গ’ল সমগ্ৰ বিশ্ববাসীক। জানিব পৰা মতে, আফগানিস্থানৰ ৰাজধানী কাবুলৰ খেইৰ খানা ঠাইৰ এটা মছজিদত সন্ধিয়াৰ নামাজ (প্ৰাথনা) পঢ়ি থকা সময়তে সংঘটিত হোৱা বোমা বিস্ফোৰণত ২০জন লোক নিহত হোৱাৰ উপৰিও ৪০ জন লোক আহত হয়। বৃহস্পতিবাৰে আফগানিস্থানৰ নিৰাপত্তা বিষয়াসকলৰ এক সূত্ৰই জনোৱা অনুসৰি এই বিস্ফোৰণত মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা আছে। কাবুলৰ তৎকালীন চিকিৎসালয়ে টুইটাৰত কয় যে, চিকিৎসালয়ত ২৭ জন আহত হোৱা ৰোগীক ভৰ্তি কৰোৱা হৈছে আৰু তাৰে ভিতৰত এটা সাত বছৰীয়া শিশুও আছে।

আৰক্ষী বিষয়া খালিদ জামানে বিশ্বৰ এক আগশাৰীৰ সংবাদ সংস্থাক জনোৱা অনুসৰি, বিস্ফোৰণটোত এটা মছজিদৰ ভিতৰত সংঘটিত হৈছিল আৰু বহুতো লোক ইয়াৰ কবলত পৰিছে, কিন্তু ইয়াৰ সঠিক সংখ্যা বৰ্তমানলৈ স্পষ্ট নহয়।

ঘটনাটোৰ এজন প্ৰত্যক্ষদৰ্শীৰ বৰ্ণনা মতে, উক্ত বোমা বিস্ফোৰণে খেইৰ খানা ঠাইৰ চিদ্দিকিয়া মছজিদত লক্ষ্য কৰি সংঘটিত হৈছিল। তেওঁ জনাই যে, বিস্ফোৰণটো এটা আত্মঘাতী বোমাৰুৱে আনিছিল আৰু এই বিস্ফোৰণত মছজিদটোৰ ইমাম মোল্লাহ আমিৰ মহম্মদ কাবুলিৰ মৃত্যু হয়।

ইতিমধ্যে, বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱা ঠাইত বিশেষজ্ঞৰ দল উপস্থিত হৈছে আৰু অনুসন্ধানকাৰী দলেও নিজৰ তদন্ত অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে, তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে টুইটাৰত এটা পোষ্ট কৰি উক্ত ঘটনাক গৰিহণা দিয়ে আৰু লগতে সাধাৰণ নাগৰিকৰ হত্যাকাৰী আৰু অপৰাধীক অতি সোনকালে ইহঁতৰ অপৰাধৰ বাবে শাস্তি দিব লাগে বুলিও কয়।

উল্লেখনীয় যে, তালিবানে বিগত বৰ্ষৰ আগষ্ট মাহত NATO বাহিনীৰ প্ৰত্যাহাৰৰ পাছত যুদ্ধ বিধ্বস্ত দেশ আফগানিস্থান পুনৰ নিজৰ ক্ষমতালৈ আনিছিল। তালিবানে দাবী কৰে যে তেওঁলোকে আফগানিস্থানৰ বহু অংশক নিৰাপত্তা দিছে যদিও সঘনাই সশস্ত্ৰ গোট বিশেষকৈ ইছলামিক ষ্টেট ইন খৰাচান প্ৰভিঞ্চ চমুকৈ ISKP (ISIS-K) আৰু অন্য অনুমোদিত গোটৰ দ্বাৰা আক্ৰমণ সংঘটিত হৈ থাকে।

ইয়াৰ উপৰিও, বিগত সপ্তাহত তালিবানৰ এজন বিশিষ্ট ধৰ্মীয় নেতা শ্বেখ ৰহিমুল্লাহ হাক্কানিক ISKP য়ে কাবুলত হত্যা কৰে। জানিব পৰা মতে, ইয়াৰ আগতে কাবুলৰ কাৰ্তে পাৰৱান গুৰুদ্বাৰত হোৱা বোমা বিস্ফোৰণত দুজন ব্যক্তি মৃত্যুৰ হোৱাৰ লগতে বহু লোক আঘাতপ্ৰাপ্ত হয়।

শেহতীয়া বাতৰি