ভাবি চাওক, ১০ বছৰ বয়সত কোনে কি ধৰণৰ চিন্তা কৰিব পাৰে? সাধাৰণতে শিশুৱে খেলিবলৈ বা অধ্যয়ন কৰাৰ বাহিৰে আন পৰিকল্পনা নকৰে। কিছুমান শিশুৱে এই বয়সতে তেওঁলোকৰ কেৰিয়াৰক লৈ চিন্তা কৰে। কিন্তু এনে এটা শিশুও এই পৃথিৱীত আছে যি ১০ বছৰ বয়সতে কোটি টকাৰ মালিক হৈছে। পিক্সি কাৰ্টিছ (Pixie Curtis) নামৰ শিশু ছোৱালীজনীয়ে কম বয়সতে নিজৰ ব্যৱসায় আৰম্ভ কৰি উন্নতি কৰিছে (10 Year Old Made 1 Crore in a Month) আৰু এতিয়া তেওঁ ভৱিষ্যতৰ বিষয়ে চিন্তিত নহয়।
অষ্ট্ৰেলিয়াৰ (Australia) পিক্সি (Pixie Curtis) বৰ্তমান প্ৰাথমিক বিদ্যালয়ত পঢ়ি আছে। তেওঁৰ পিক্সিছ ফিজেটছ নামৰ এটা কোম্পানীও আছে, যাৰ পৰা কোটি কোটি টকা উপাৰ্জন কৰিছে। তেওঁৰ মাক ৰক্সি (Roxy), যি নিজে এজন সফল ৰিলেচনছ (Public Relations Guru Roxy) মেনেজাৰ, তেৱোঁ জীয়াৰীক এই কামত সহায় কৰে।
ব্যৱসায় আৰম্ভ কৰিয়েই সফল
মাক ৰক্সি আৰু জীয়ৰী পিক্সিয়ে মে' মাহত পুতলাৰ ব্যৱসায় আৰম্ভ কৰে। তেওঁলোকৰ সকলো পুতলা ৪৮ ঘণ্টাৰ ভিতৰতে বিক্ৰী হৈছিল আৰু এয়া তেওঁলোকৰ প্ৰথম সফলতা আছিল। ৰক্সিয়ে বৰ্ণনা কৰে যে কোম্পানীটোৰ প্ৰথম মাহৰ টাৰ্ন অ'ভাৰ আছিল ২ লাখ ডলাৰ বা ১ কোটিতকৈ অধিক। ইয়াৰ পিছত পিক্সিৰ কোম্পানীৰ ফালৰ পৰা চুলিৰ এছেছৰী ব্ৰেণ্ডো খোলা হয়, ইয়াক পিক্সিছ বওছ নামেৰে নামাকৰণ কৰা হৈছে।
পুতলা আৰু চুলিৰ আনুষংগিক সামগ্ৰীৰ ব্ৰেণ্ডটো পিক্সিছ পিক্স (Pixie’s Pixs) নামৰ এটা কোম্পানীৰ অন্তৰ্ভুক্ত কৰিছে। ইয়াৰ জৰিয়তে পুতলা, কাপোৰ আৰু আনুষংগিক সামগ্ৰী বিক্ৰী কৰা হয়। এই সকলোবোৰৰ বাবে ১০ বছৰীয়া পিক্সিয়ে অনুমোদনো লাভ কৰিছে।
১৫ বছৰত অৱসৰ ল'ব পাৰে পিক্সিয়ে
পিক্সিৰ মাক ৰক্সি নিজে এগৰাকী সফল ৰিলেছনছ মেনেজাৰ আৰু শিশুৰ দামী উপহাৰ আৰু কাপোৰ তৈয়াৰৰ বাবে বাতৰিৰ শিৰোনামো দখল কৰিছে। তেওঁ কয় যে তেওঁ পিক্সিৰ বাবে ইমানখিনি কৰিছে যাতে তেওঁ ১৫ বছৰ বয়সত অৱসৰ ল'ব পাৰে। মাকে কয় কম বয়সত পিক্সিৰ ব্যৱসায় কৰাৰ ইচ্ছা আছিল আৰু তেওঁ সহায়ত এইদিশত সফল হৈছিল। ৰক্সিয়ে নিজেই Sweaty Betty PR নামৰ এটা সফল ব্যৱসায় চলায় আৰু এইদিশত স্বামীয়ে তেওঁক সমৰ্থন কৰে। তেওঁ প্ৰায়ে তেওঁৰ ব্যয়বহুল আৰু ৰাজকীয় জীৱনশৈলীৰ বাবে জনপ্ৰিয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|