চাকৰি পাবলৈ 'APPLE'ৰ ছিস্টেম হেক ১৭বছৰীয়া কিশোৰৰ
News18-Assam Updated:May 29, 2019, 4:34 PM IST

অভিযুক্তৰ পক্ষত যুক্তি ৰখা উকীলে আদালতক ক’লে তেওঁৰ মক্কেলে নিজৰ কামৰ গম্ভীৰতাৰ বিষয়ে জ্ঞাত নহয়।
অভিযুক্তৰ পক্ষত যুক্তি ৰখা উকীলে আদালতক ক’লে তেওঁৰ মক্কেলে নিজৰ কামৰ গম্ভীৰতাৰ বিষয়ে জ্ঞাত নহয়।
- News18 Assam
- Last Updated: May 29, 2019, 4:34 PM IST
কিশোৰজনে স্বীকাৰ কৰে ভুৱা ডিজিটেল ক্ৰেডেনচিয়েল্স তৈয়াৰ কৰিবলৈ তথ্য উদ্যোগ ক্ষেত্ৰত নিজৰ উচ্চ স্তৰৰ ‘বিশেষ জ্ঞান’ৰ প্ৰয়োগ কৰে। ইয়াৰ ফলত এপল’ৰ চাৰ্ভাৰে তেওঁক কোম্পানীৰ এগৰাকী কৰ্মচাৰী জ্ঞান কৰে আৰু তথ্য প্ৰদান কৰে। এই কামৰ ৰিপ’ৰ্ট ফেডাৰেল ব্যুৰ’ অব ইনভেষ্টিগেশ্যনক প্ৰদান কৰা হয়। তেওঁলোকে অষ্ট্ৰেলিয়া আৰক্ষীৰ সহায়ত কিশোৰজনক ধৰা পেলায়।
এই অপৰাধৰ গোচৰ চলি থকা সময়ত নিজৰ মক্কেলৰ পক্ষ ৰাখিবলৈ অধিবক্তা মাৰ্ক টুইগচে আদালতক কয় যে ল’ৰাজনে নিজৰ কামৰ গম্ভীৰতা অনুধাৱন কৰিব নোৱাৰিলে। ল’ৰাজনে ধৰি লৈছিল যে কোম্পানীটোৱে এই কামত অভিভূত হৈ তেওঁক চাকৰি দিব। অধিবক্তাজনে কয়,

এই অপৰাধৰ বাবে মেজিষ্ট্ৰেট ডেভিড হোৱাইটে অৱশ্যে কিশোৰজনক কোনো ধৰনৰ শাস্তি প্ৰদান নকৰাকৈ ৯মাহৰ বাবে ভাল আচৰণ প্ৰদৰ্শন কৰিবলৈ ৫০০ডলাৰ বণ্ডত ৰখাৰ আদেশ দিয়ে।