• Home
  • »
  • News
  • »
  • world
  • »
  • চশমা পিন্ধিও ছবিখনত লুকাই থকা পোকটো বিচাৰি নাপায়! 99 শতাংশই বিফল হয়, আপুনি পাৰিবনে?

চশমা পিন্ধিও ছবিখনত লুকাই থকা পোকটো বিচাৰি নাপায়! 99 শতাংশই বিফল হয়, আপুনি পাৰিবনে?

  • Share this:
মগজু নষ্ট কৰা এখন ছবি ছ'চিয়েল মিডিয়াত (Social media) ভাইৰেল হৈ আছে। এই ছবিখনত গছৰ ডালত লাগি থকা এটা পলু (Hidden Worm In Photo) আছে। কিন্তু পলুটো ইমান ধুনীয়াকৈ লুকাই আছে যে কোনেও ইয়াক একেবাৰতে ধৰিব নোৱাৰে। সেইকাৰণে ছবিখন ভাইৰেল হৈ আছে।

ভাইৰেল হৈ থকা ছবিখনত সেউজীয়া আৰু মুগা ৰঙৰ এটা গছৰ ডাল দেখা গৈছে। ফটোখনত বেছিভাগ মানুহে সেউজীয়া ডালকে পোক-পতংগ বুলি ভাবে। ছবিখন মাধুৰী দেশমুখ নামৰ এক একাউণ্টত শ্বেয়াৰ কৰা হৈছিল। ছবিখনৰ সৈতে শিৰোনামটোত কোৱা হৈছিল যে আপুনি পতংগটো দেখিছে নেকি? তাৰ পিছত বহুতে ছবিখন পুনৰ টুইট কৰে আৰু ইয়াৰ উত্তৰ দিবলৈ চেষ্টা কৰে, কিন্তু বেছিভাগ লোকে ভুলকৈ উত্তৰি দিয়ে।

ছবিখন চোৱাৰ পিছত, বেছিভাগ লোকে সেউজীয়া ডালটোকে পোক বুলি বৰ্ণনা কৰিছিল। কাৰণ এইটো সঁচাকৈয়ে দেখাত এটা পতংগৰ দৰে। কিন্তু উত্তৰটো ভুল।



দৰাচলতে, এই ছবিখনত মুগা কাঠৰ দৰে বস্তুটো হৈছে পলু। ইয়াক জ্যামিতিদ কেটাৰপিলাৰ (Geometride Moth Caterpillar) বুলি কোৱা হয়। ফটোখন চোৱাৰ পিছত বেছিভাগ মানুহে ভাবে যে এইডাল কাঠ। সেই ভাবি সকলোৱে সেউজীয়া অংশক পোক-পতংগ বুলি উল্লেখ কৰিছিল। অথচ কাঠৰ দৰে দেখা অংশটোহে পলুটো আছিল।



মাজে সময়ে ছচিয়েল মিডিয়াত এনে ছবি ভাইৰেল হৈ থাকে।
First published: