Love, dating and marriage ! ৯৫ বছৰ বয়সত প্ৰেম আৰু বহু প্ৰত্যাহ্বানৰ পিছতো জীৱনৰ বিয়লি বেলাত বিয়াত বহিল জন আৰু জয়...

News18 Assam | News18-Assam
Updated:June 12, 2021, 4:30 PM IST
Love, dating and marriage ! ৯৫ বছৰ বয়সত প্ৰেম আৰু বহু প্ৰত্যাহ্বানৰ পিছতো জীৱনৰ বিয়লি বেলাত বিয়াত বহিল জন আৰু জয়...
কোভিডৰ ভয়াৱহ পৰিস্থিতিয়েও যেন ৰুধিব নোৱাৰিলে দুয়োগৰাকী বৃদ্ধৰ মনগহনত কুৰুলিয়াই থকা সেই প্ৰেম-ভালপোৱাৰ অনাবিল সুৰ।

কোভিডৰ ভয়াৱহ পৰিস্থিতিয়েও যেন ৰুধিব নোৱাৰিলে দুয়োগৰাকী বৃদ্ধৰ মনগহনত কুৰুলিয়াই থকা সেই প্ৰেম-ভালপোৱাৰ অনাবিল সুৰ।

  • Share this:
প্ৰেমে নামানে বয়সৰ সীমনা, প্ৰেমে মাথো জানো প্ৰেমৰ ঠিকনা... আকৌ প্ৰেমৰ কথা। কোৰোণাকালৰ বিভীষিকাৰ সময়তে চৰ্চালৈ আহিছে এটা প্ৰেম কাহিনী। যি সময়ত মানুহে সতি-সন্ততিৰ লগত অথবা হৰিনামৰ মাজত জীৱনৰ শেষ সময়কণ নিৰ্মজ্জিত কৰি ৰাখে সেইসময়তে দুগৰাকী বৃদ্ধৰ প্ৰেম কাহিনীয়ে বিশ্বজুৰি সৃষ্টি কৰিছে কৌতুহলৰ।

কোভিডৰ ভয়াৱহ পৰিস্থিতিয়েও যেন ৰুধিব নোৱাৰিলে দুয়োগৰাকী বৃদ্ধৰ মনগহনত কুৰুলিয়াই থকা সেই প্ৰেম-ভালপোৱাৰ অনাবিল সুৰ। কেৱল ইজনে-সিজনক ভালপোৱাই নহয়, বিবাহপাশতো আবদ্ধ হৈছে ৯৫ বছৰীয়া দুয়োগৰাকী বৃদ্ধ। পত্নীক হেৰুওৱাজন শুল্টেজৰ অজানিতে চিনাকি হৈছিল জয় ম'ৰো-নল্টানৰ সৈতে। সেই চিনাকিয়েই যেন দুয়োকে বাট দেখুৱাইছিল দূৰ-দিগন্তৰ।

লগ পোৱাৰ পিছত জয় আৰু জন দুয়োৱে আবেগ-অনুভূতি আৰু নিজ নিজ পৰিস্থিতি সম্বন্ধে বুজি পাইছিল। আৰু অৱশেষত প্ৰেমৰ মাজেৰে আৰম্ভ হোৱা সম্পৰ্কতো বিবাহলৈ উন্নীত হৈছিল। দুয়োগৰাকী বৃদ্ধ হৈছে নিউয়ৰ্কৰ বাসিন্দা। কোভিড ১৯ৰ ভয়াৱহতা স্বত্বেও কিন্তু দুয়োজনে ডেটিঙত যোৱা অথবা লগ কৰাৰ পৰা বিৰত থকা নাছিল। প্ৰত্যাহ্বান ভৰা এই সময়ৰ মাজতে হয়তো দুয়োগৰাকী বৃদ্ধই জীৱনৰ বিয়লি বেলাত বিচাৰি পাইছে মানসিক সুখ আৰু শান্তি।

কোভিডৰ দ্বিতীয় ঢৌৰ বিভীষিকাৰ মাজতে দুয়োজনে একেলগে কোভিড ভেকচিনো গ্ৰহণ কৰিছিল। কোভিড নিয়ম শিথিল হোৱাৰ পিছত দুয়োজনৰ জীৱন পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহিছিল। লাহে লাহে যেন তেওঁলোকৰ মনত ফুলি উঠিছিল হাজাৰ-বিজাৰ ৰঙীন ফুল। ইয়াৰ মাজতে ইজনে সিজনক ভালদৰে বুজি উঠাৰ লগতে সম্পৰ্কটো পূৰ্বতকৈ অধিক শক্তিশালী হৈ উঠিছিল। আৰু এনেকৈয়ে প্ৰেম-ভালপোৱাৰ আদান-প্ৰদানৰ মাজতে হঠাতে জন শুল্টেজ এদিন জয় ম'ৰোক বিয়াৰ প্ৰস্তাৱ দিছিল। অৱশ্যে, এই বিবাহ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰতো দুয়োজন সন্মুখীন হৈছিল বহুতো প্ৰত্যাহ্বানৰ। কিছুমানে তেওঁলোকৰ এই সিদ্ধান্তত আচৰিত হৈছিল আৰু কিছুমানে হাঁহিছিল, ঠাট্টা-মস্কৰা কৰিছিল। কিন্তু জন আৰু জয় নিজৰ প্ৰেমৰ লগতে সিদ্ধান্ত অটল আছিল। তেওঁলোকে কৈছিল প্ৰকৃত প্ৰেম কৰিবলৈ বয়সৰ কোনো সীমা থাকিব নোৱাৰে।

জনৰ প্ৰেমৰ আৰু তাৰ পিছত বিয়াৰ এই সিদ্ধান্তত সুখী তেওঁৰ পুত্ৰ-কন্যা। এই বিষয়ে জনৰ পুত্ৰ পিটে কৈছিল যে দুয়োৰে মাজত ভাল বুজাবুজি আছে। দুয়োজনে প্ৰতিদিনে ইজনে সিজনৰ সৈতে কথা পাতে, তেওঁলোক দুয়ো একেলগে থকাৰ সিদ্ধান্ত লৈছে, ইয়াতকৈ সুন্দৰ আৰু কি হ'ব পাৰে। তেওঁলোকে সেয়া কৰিছে যি তেওঁলোকৰ মনে বিচাৰিছে। তেওঁলোকে এইটো প্ৰমাণ কৰিছে যে যদি আপোনাৰ অন্তৰত মনৰ কথা শুনিবলৈ সাহস আছে তেন্তে আপুনি কেতিয়াও বৃদ্ধ হ'ব নোৱাৰে।
Published by: Kokil Sarma
First published: June 12, 2021, 4:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি