YouTubeৰ পৰা ২২০ কোটি উপাৰ্জন ৯ বছৰীয়া ইউটিউবাৰ ৰায়ানৰ!

ৰায়ানে কিন্তু যি কৰে, তাৰ নিজৰ মতে কৰে! অৰ্থাৎ তাক কোনোৱে শিকাই–বুজাই ভাটৌ চৰাইৰ দৰে আওৰাবলৈ নিশিকায়।
ৰায়ানে কিন্তু যি কৰে, তাৰ নিজৰ মতে কৰে! অৰ্থাৎ তাক কোনোৱে শিকাই–বুজাই ভাটৌ চৰাইৰ দৰে আওৰাবলৈ নিশিকায়।
- News18 Assam
- Last Updated: December 21, 2020, 9:29 PM IST
ৰায়ানে কিন্তু যি কৰে, তাৰ নিজৰ মতে কৰে! অৰ্থাৎ তাক কোনোৱে শিকাই–বুজাই ভাটৌ চৰাইৰ দৰে আওৰাবলৈ নিশিকায়। ৰায়ানৰ ইউটিউব চেনেলটোৰ নাম ৰায়ান্ছ ৱৰ্ল্ড। ২০১৫ বৰ্ষত এই চেনেলটো আৰম্ভ কৰিছিল। সি যি কৰিবলৈ ভাল পায়, সেয়াই চেনেলটোত দেখুওৱা হয়।
এই লৈ তৃতীয়বাৰ এক নম্বৰ স্থানত আহিল ৰায়ান। ৰায়ানৰ পিছত শাৰী পাতিছে বিশ্বৰ জনপ্ৰিয় অনলাইন ছেলিং প্লেটফৰ্ম এমাজন, ৱালমাৰ্টৰ পৰা আৰম্ভ কৰি নিকেলডনেৰ দৰে ব্ৰেণ্ড। এই বক্সৰ পৰা খেলৰ সামগ্ৰী উলিওৱা বা ৰায়ানৰ ভাষাত আনবক্সিং কৰা ভিডিঅ’ই ৰায়ানক মূলত খ্যাতিৰ শীৰ্ষত অধিষ্ঠিত কৰিছে। ফৰ্বছ সংবাদপত্ৰৰ দ্বাৰা এই ৰিভিউ কৰা হৈছে। ৰায়ানৰ পিছতে দ্বিতীয় স্থানত আছে মিষ্টাৰ বিষ্ট, ডুড পাৰফেক্ট তৃতীয়, ৰেট এণ্ড লিংক চতুৰ্থ আৰু মাৰকিপ্লায়াৰে পঞ্চম স্থান দখল কৰিছে।