ৰোহিত–কোহলীৰ গালত ৮৭ বছৰীয়া আইতাৰ চুম্বন, দিলে বিশ্বকাপ জয়ৰ শুভেচ্ছা!

মঙলবাৰে অনুষ্ঠিত হোৱা ভাৰত-বাংলাদেশৰ মাজৰ মেচখনৰ সময়ত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিল এগৰাকী ৮৭ বছৰীয়া আইতা

News18-Assam
Updated:July 3, 2019, 8:24 AM IST
ৰোহিত–কোহলীৰ গালত ৮৭ বছৰীয়া আইতাৰ চুম্বন, দিলে বিশ্বকাপ জয়ৰ শুভেচ্ছা!
মঙলবাৰে অনুষ্ঠিত হোৱা ভাৰত-বাংলাদেশৰ মাজৰ মেচখনৰ সময়ত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিল এগৰাকী ৮৭ বছৰীয়া আইতা
News18-Assam
Updated: July 3, 2019, 8:24 AM IST
মঙলবাৰে অনুষ্ঠিত হৈছিল ভাৰত-বাংলাদেশৰ মাজত ৰোমাঞ্চকৰ মেচ। মেচখনত ভাৰতে জয়লাভ কৰাৰ লগতে বিশ্বকাপৰ ছেমি ফাইনেল লৈও যোগ্যতা অৰ্জন কৰিলে। তাৰ সমান্তৰাল ভাবে এতিয়া চৰ্চালৈ আহিছে এগৰাকী ৮৭ বছৰ বয়সৰ মহিলাৰ প্ৰসংগ। মহিলাগৰাকীৰ নাম চাৰুলতা পেটেল। শৰীৰৰ অৱস্থা থৰক বৰক, তথাপিও বৃদ্ধাগৰাকীৰ আছে অজস্ৰ মনোবল, বিশ্বকাপত নিজৰ দেশক সমৰ্থন জনাবলৈ বৃদ্ধাগৰাকী উপস্থিত থাকিল ভাৰতীয় ক্ৰিকেট দলৰ সমৰ্থনত দৰ্শকৰ শাৰীত!

ভাৰত-বাংলাদেশৰ মঙলবাৰৰ মেচত দৰ্শকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিল বৃদ্ধা মহিলাগৰাকী। আইতাৰ মনোৱল দেখি খেল শেষ হোৱাৰ পিছত অধিনায়ক বিৰাট কোহলী, ৰোহিত শৰ্মাকে আদি কৰি কেইবাগৰাকীও ভাৰতীয় খেলুৱৈয়ে সাক্ষাৎ কৰি মত বিনিময় কৰাৰ লগতে বৃ্দ্ধাগৰাকীৰ লগত কটোৱা সময় কেমেৰাত ধৰি ৰাখি খেলুৱৈসকলে আপলোড কৰে নিজৰ নিজৰ ছচিয়েল চাইটত। বৃদ্ধাগৰাকীক আলিংগন কৰে প্ৰতিগৰাকী খেলুৱৈয়ে, সেইদৰে মহিলাগৰাকীয়েও খেলুৱৈসকলক শুভেচ্ছা জনাই বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ মূৰত হাত থৈ আশীৰ্বাদ দিয়াৰ লগতে গালত আঁকি দিয়ে চুমা। খেলৰ অন্তত মহিলাগৰাকীৰ লগত বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ যি পুত্ৰ সুলভ আচৰণ, সেয়া ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত। পিছত মহিলাগৰাকীয়ে কয় যে, ১৯৮৩ চনৰ বিশ্বকাপো তেওঁ উপভোগ কৰিছিল। এইবাৰৰ বিশ্বকাপতো ভাৰতীয় দল জয়ী হ’ব বুলি আত্মবিশ্বাসী তেওঁ।

আৰু চাওক পৰৱৰ্তী বাতৰি