মূৰৰ চুলি ইতিমধ্যে সকলো বগা হৈছে। আঠটা দশকৰ জীৱনটোৱে নটা দশক চুবলৈ আৰু তিনিটা বছৰ বাকী। কিন্তু অধ্যয়নৰ সপোন যেন শেষ হোৱা নাছিল। সেয়ে পৰীক্ষাত বহিছিল আৰু ৮৭ বছৰ বয়সত ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
এই বয়সত ডিগ্ৰী অৰ্জন কৰি তেওঁ এতিয়া যথেষ্ট চৰ্চাত আছে। বৃদ্ধাগৰাকীৰ নাম ভাৰাথা শনমুগানাথন। সংবাদ সংস্থা চিএনএনে কালি এক প্ৰতিবেদনত ভাৰাথাৰ বিষয়ে উল্লেখ কৰিছিল। মূল শ্ৰীলংকাৰ বৃদ্ধা ভাৰাথাই ডেৰ দশকৰো অধিক সময় ধৰি কানাডাত এজন অভিবাসী হিচাপে বাস কৰি আছে।
ভাৰাথাই এই মাহৰ আৰম্ভণিতে দেশখনৰ য়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। বিশ্ববিদ্যালয়ৰ মুখপাত্ৰ গ্লোৰিয়া সুহাসিনীয়ে কোৱা মতে, তেওঁ বিশ্ববিদ্যালয়খনৰ আটাইতকৈ বেছি বয়সত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা মহিলা।
ভাৰাথাৰ আন এটা স্নাতকোত্তৰ ডিগ্ৰীও আছে। তেওঁ ১৯৯০ত ইউ কেৰ লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা প্ৰয়োগ ভাষাবিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। ভাৰতৰ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা ভাৰাথাৰ শ্ৰীলংকাত ভাৰতীয় ইতিহাসৰ লগতে লণ্ডনত ইংৰাজীৰ শিক্ষক হিচাপে কাম কৰাৰ অভিজ্ঞতা আছে।
নিজৰ এই অভিজ্ঞতা সন্দৰ্ভত ভাৰাথা শনমুগানাথনে কয়– 'এইটো সঁচাকৈয়ে অতি আনন্দৰ কথা। মোৰ ৰাজনীতি অধ্যয়ন কৰাৰ দীৰ্ঘদিনীয়া ইচ্ছা আছিল আৰু মই অৱশেষত সেই সপোনটো পূৰণ কৰিলোঁ।'
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।