মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »Pakistan Hindu Temple Destroyed : পাকিস্তানৰ পঞ্জাৱত এটা হিন্দু মন্দিৰ লণ্ড-ভণ্ডৰ কাৰণ হৈ পৰিল আঠ বছৰীয়া শিশু

Pakistan Hindu Temple Destroyed : পাকিস্তানৰ পঞ্জাৱত এটা হিন্দু মন্দিৰ লণ্ড-ভণ্ডৰ কাৰণ হৈ পৰিল আঠ বছৰীয়া শিশু

 পাকিস্তান উচ্চ ন্যায়ালয়ে আক্ৰমণকাৰীসকলক তীব্ৰ ভাষাৰে ককৰ্থনা কৰাৰ লগতে মন্দিৰটোৰ সুৰক্ষা নিশ্চিত কৰিব নোৱৰা বাবে আৰক্ষী আৰু প্ৰশাসনকো গৰিহণা দিয়ে।

পাকিস্তান উচ্চ ন্যায়ালয়ে আক্ৰমণকাৰীসকলক তীব্ৰ ভাষাৰে ককৰ্থনা কৰাৰ লগতে মন্দিৰটোৰ সুৰক্ষা নিশ্চিত কৰিব নোৱৰা বাবে আৰক্ষী আৰু প্ৰশাসনকো গৰিহণা দিয়ে।

  • Share this:
পাকিস্তানত উন্মাদ লোকে ধ্বংস কৰিলে এটা হিন্দু মন্দিৰ। এই হিন্দু মন্দিৰটো ধ্বংসৰ কাৰণ হৈছে এটি আঠ বছৰীয়া কণমানি হিন্দু শিশু। পাকিস্তানৰ (Pakistan)ৰ পঞ্জাৱত আৰক্ষীয়ে আঠ বছৰীয়া কণমানিটোৰ বিৰুদ্ধে ঈশ্বৰ নিন্দা আইন (Pakistan Blasphemy Law)ৰ অধীনত তৰিছিল গোচৰ। পাকিস্তানৰ ইতিহাসতে প্ৰথমবাৰৰ বাবে এই আইনৰ অধীনত এটি আঠ বছৰীয়া কণমানিৰ বিৰুদ্ধে গোচৰ তৰা হৈছে। ইতিমধ্যে আৰক্ষীয়ে আঠ বছৰীয়া শিশুটিক নিজৰ জিম্মাত লৈছে আৰু আইনৰ অধীনত শিশুটিৰ মত্যুদণ্ড পৰ্যন্ত হোৱাৰ সম্ভাৱনা আছে।

অভিযোগ মতে এই আঠ বছৰীয়া কণমানিটোৱে এখন মাদ্ৰাছাৰ পুথিভড়াললৈ গৈ তাতে এখন কালীনৰ ওপৰত প্ৰস্ৰাৱ কৰিছিল। খবৰ মতে কালীনখনৰ ওপৰত বহু কিতাপো আছিল। ঘটনাৰ পিছত স্থানীয় মৌলানাসকলে কট্টৰপন্থীসকলক উচটাই কণমানিটোৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ আৰক্ষীক হেঁচা দিছিল।

আৰক্ষীয়ে শিশুটিক আটক কৰে যদিও পিছত জামিনত মুকলি কৰি দিয়ে। কণমানিটোক এৰি দিয়াৰ পিছতে কট্টৰপন্থীসকলৰ মাজত ক্ষোভৰ অগ্নি বৰষিবলৈ ধৰে লগে লগে শ শ লোক গোট খাই হিন্দু মন্দিৰটো ভাঙি-ছিঙি লণ্ড-ভণ্ড কৰিবলৈ ধৰে। মন্দিৰত লাগি থকা খিৰিকীৰ সকলো কাঁচ ভাঙি পেলায় আক্ৰমণকাৰীয়ে। মন্দিৰৰ ভিতৰত প্ৰবেশ কৰিও ব্যাপক হাৰত ধ্বংসলীলা চলায়। মন্দিৰৰ মূৰ্তি ভাঙি পেলায়, পূজাৰ বেদীও লণ্ড-ভণ্ড কৰে।

বৃটেইনৰ গাৰ্ডিয়ান কাকতত শিশুটিৰ পিতৃ-মাতৃৰ ভাষ্য প্ৰকাশ পাইছে আৰু তেওঁলোকৰ ভাষ্য মতে শিশুটিৰ বিৰুদ্ধে মিছা অভিযোগত গোচৰ তৰা হৈছে। তেওঁলোকে কয়, "ঈশ্বৰ নিন্দা আইন কি ল'ৰাটোৱে বুজি নাপায়। তাৰ বিৰুদ্ধে মিছা অভিযোগত গোচৰ তৰা হৈছে। সি এতিয়াও বুজি পোৱা নাই যে আচলতে তাৰ অপৰাধ কি আৰু কিয় তাক এসপ্তাহ জে'লত ৰখা হৈছিল। আমি বহুত ভয়ত আছোঁ। আমি আমাৰ ঘৰ এৰি আহিব লগা হৈছে। আমি নাভাবো যে দোষীৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰা হ'ব বা ইয়াত থকা সংখ্যালঘুৰ সুৰক্ষাৰ বাবে কিবা কঠোৰ ব্যৱস্থা কৰা হ'ব।"

এই সমস্ত ঘটনাত পাকিস্তান উচ্চ ন্যায়ালয়ে আক্ৰমণকাৰীসকলক তীব্ৰ ভাষাৰে ককৰ্থনা কৰাৰ লগতে মন্দিৰটোৰ সুৰক্ষা নিশ্চিত কৰিব নোৱৰা বাবে আৰক্ষী আৰু প্ৰশাসনকো গৰিহণা দিয়ে। উল্লেখ্য যে ৪ আগষ্টত পাকিস্তানৰ পঞ্জাৱৰ এক অঞ্চলত থকা গণেশ মন্দিৰ এটা ভাঙিছিল উন্মাদ লোকে।

শেহতীয়া বাতৰি