আমেৰিকাৰ কেলিফৰ্ণিয়াৰ পৰা ভাৰতীয় মূলৰ চাৰিজন লোকক অপহৰণ কৰাৰ খবৰ পোহৰলৈ আহিছে। কৰ্তৃপক্ষই জনোৱা মতে, সোমবাৰে কেলিফৰ্ণিয়াৰ মাৰ্চেড কাউন্টিৰ পৰা এগৰাকী ৮ মহীয়া কন্যা শিশুকে ধৰি ভাৰতীয় মূলৰ চাৰিজন লোকক অপহৰণ কৰা হয়। একে সময়তে আৰক্ষীয়ে সন্দেহযুক্ত লোকজনক অস্ত্ৰধাৰী আৰু বিপদজনক বুলি অভিহিত কৰিছে।
মাৰ্চেড কাউন্টি শ্বেৰিফৰ কাৰ্যালয়ে সোমবাৰে এক বিবৃতিত জনোৱা মতে, ৩৬ বছৰীয়া জছদীপ সিং, ২৭ বছৰীয়া জেছলিন কৌৰ, তেওঁলোকৰ আঠ মহীয়া কন্যা আৰোহীৰ লগতে ৩৯ বছৰীয়া অমানদীপ সিঙক অপহৰণ কৰা হৈছে। আৰক্ষীৰ হাতত এতিয়াও বিশেষ তথ্য নাই যদিও তেওঁলোকে উদ্ধাৰ কৰিছে যে চাৰিওজনক তেওঁলোকৰ ইচ্ছাৰ বিৰুদ্ধে চাউথ ষ্ট্ৰীট ৫৯ৰ ৮০০ ব্লকলৈ লৈ যোৱা হৈছে।
আৰক্ষী বিষয়াই সোমবাৰে দিয়া বিবৃতিত কয় যে তেওঁলোকে এতিয়াও সন্দেহজনক লোকজনৰ উদ্দেশ্য জানিব পৰা নাই। তদন্ত চলি আছে, এই বিষয়ত মানুহক সোধা-পোছা কৰা হৈছে। একে সময়তে বিষয়াসকলে লগতে সন্দেহযুক্ত বা ভুক্তভোগীসকলৰ সৈতে যোগাযোগ নকৰিবলৈ আৰু উপস্থিত হ’লে তৎক্ষণাত ৯১১ নম্বৰত ফোন কৰি আৰক্ষীক জনাবলৈও কয়।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|