• Home
  • »
  • News
  • »
  • world
  • »
  • Haiti Earthquake: হাইটিত তাচপাতৰ দৰে খহিল ঘৰ–অট্টালিকা, ৭.২ ৰিখটাৰ স্কেল প্ৰাবল্যৰ ভূঁইকঁপ

Haiti Earthquake: হাইটিত তাচপাতৰ দৰে খহিল ঘৰ–অট্টালিকা, ৭.২ ৰিখটাৰ স্কেল প্ৰাবল্যৰ ভূঁইকঁপ

২০১০ চনৰ ভূমিকম্পৰ ভয়াবহতা সম্পূৰ্ণৰূপে অতিক্ৰম কৰিব নোৱাৰা দেশখনত কমেও ২.৫ লাখ লোকৰ মৃত্যু হৈছিল সেইসময়ত।

২০১০ চনৰ ভূমিকম্পৰ ভয়াবহতা সম্পূৰ্ণৰূপে অতিক্ৰম কৰিব নোৱাৰা দেশখনত কমেও ২.৫ লাখ লোকৰ মৃত্যু হৈছিল সেইসময়ত।

২০১০ চনৰ ভূমিকম্পৰ ভয়াবহতা সম্পূৰ্ণৰূপে অতিক্ৰম কৰিব নোৱাৰা দেশখনত কমেও ২.৫ লাখ লোকৰ মৃত্যু হৈছিল সেইসময়ত।

  • Share this:
এক শক্তিশালী ভূমিকম্পই জোকাৰি যায় হাইটিক। শনিবাৰে ৰাতিপুৱা হঠাতে দেশৰ পশ্চিম অংশত তীব্ৰ কম্পন হয়। কেইমিনিটমানৰ ভিতৰতে একাধিক এলেকা ধ্বংসস্তূপত পৰিণত হয় দেশখনত। ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল ৭.২।

এতিয়ালৈকে মৃতকৰ নিৰ্দিষ্ট পৰিসংখ্যা পোৱা হোৱা নাই যদিও ধ্বংসাৱশেষৰ তলত বহু লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। দেশখনৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, মুহূৰ্ততে একাধিক এলেকা ধ্বংস হৈছিল।





আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপে কম্পনৰ উৎস ৰাজধানী পোৰ্তো-অ-প্ৰিন্সৰ পৰা ১৫০ কিলোমিটাৰ পশ্চিমে, ভূগৰ্ভৰ ১০ কিলোমিটাৰ গভীৰত বুলি উল্লেখ কৰিছে। উল্লেখ্য, হাইটিয়ে এতিয়াও ২০১০ চনৰ ভূমিকম্পৰ ভয়াবহতা সম্পূৰ্ণৰূপে অতিক্ৰম কৰিব পৰা নাই। সেইসময়ত ৰিখটাৰ স্কেলত কম্পনৰ তীব্ৰতা আছিল ৭। এইসময়ত হাইটিত কমেও ২.৫ লাখ লোকৰ মৃত্যু হৈছিল। দেশৰ অৰ্থনীতি ধ্বংস হৈ পৰিছিল। ভাৰতে সেইবাৰ হাইটিক ৫ নিযুত ডলাৰৰ সহায় কৰিছিল।





উত্তৰ আটলাণ্টিকৰ চাৰিওফালে অৱস্থিত হাইতি ভূমিকম্পপ্ৰৱণ বুলি জনা যায়। দেশখন আটাইতকৈ দৰিদ্ৰ দেশসমূহৰ ভিতৰত এখন। ৰাষ্ট্ৰসংঘকে ধৰি বহুতো দেশে বিভিন্ন সময়ত বৃহৎ অনুদান প্ৰদান কৰি আহিছে।
Published by:Gautam Barman
First published: