আফগানিস্তানৰ নানগাৰাহ মছজিদত নামাজৰ সময়তে সংঘটিত হয় আত্মঘাতী বিস্ফোৰণৰ ঘটনা
আফগানিস্তানৰ নানগাৰাহ মছজিদত নামাজৰ সময়তে সংঘটিত হয় আত্মঘাতী বিস্ফোৰণৰ ঘটনা
আকৌ অশান্ত হৈ পৰিছে আফগানিস্তান। আত্মঘাতী বোমাৰুৱে উৰুৱাই দিলে এটা মছজিদ।শুকুৰবাৰে আফগানিস্তানৰ নানগাৰাহ মছজিদত নামাজ চলি থকাৰ সময়তে দুটা আত্মঘাতী বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণত প্ৰায় ধ্বংশ হৈ যায় মছজিদটো। ঘটনাত মৃত্যু হৈছে মছজিদটোত নামাজ পঢ়ি থকা ৬২ জনৰো অধিক লোকৰ।
এতিয়ালৈকে বিস্ফোৰণ কোনে সংঘটিত কৰিলে সেই তথ্য পোহৰলৈ অহা নাই যদিও ,ISIS অথবা তালিবানী সন্ত্ৰাসবাদীয়েই বিস্ফোৰণ সংঘটিত কৰিলে বুলি সন্দেহ কৰা হৈছে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|