আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটি ৬ বছৰীয়া শিশুৰ সাহসিকতাক সকলোৱে কৰিলে প্ৰশংসা। বৰ্তমান বিশ্বজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে শিশুটি। সাহসী শিশুটিয়ে এটা ‘German shepherd’ কুকুৰৰ সন্মুখৰ পৰা উদ্ধাৰ কৰে নিজৰ কণমানি ভগ্নীক।
DNA report অনুসৰি, এটা ‘German shepherd’ কুকুৰে আক্ৰমণ কৰিবলৈ লৈছিল ৪ বছৰীয়া ভনীয়েকক। লগে লগে ব্ৰিজাৰ ৱাকাৰ নামৰ ৬ বছৰীয়া শিশুটিৱে কুকুৰটোৰ লগত যুঁজি উদ্ধাৰ কৰে কণমানি ভনীয়েকক। কুকুৰটোৱে বেয়াকৈ আক্ৰমণ কৰে ব্ৰিজাৰক। দুঘণ্টা জোৰা অস্ত্ৰোপচাৰত প্ৰায় ৯০টাতকৈ বেছি চিলাই পৰিছে ব্ৰজাৰৰ মুখত।
পিছত ব্ৰিজাৰক দেউতাকে যেতিয়া সুধিছিল যে, তেওঁ কিয় কুকুৰটোৰ সন্মুখত জাপ দিছিল, তেতিয়া ব্ৰিজাৰে কয় যে, ‘যদি কোনোবা মৰিবলগীয়া আছে, তেন্তে মই ভাবিছিলো, যে ময়েই মৰিব লাগে।’ পিছত ব্ৰিজাৰৰ সম্বন্ধীয় এজনে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে ব্ৰিজাৰৰ সাহসিকতা। আৰু লগে লগে সকলোৱে একেমুখে প্ৰশংসা কৰে ব্ৰিজাৰক।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : July 18, 2020, 11:47 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।