মাত্ৰ ৬ ৰানতে অল আউট, শূন্যত আউট ৯ গৰাকী বেটছমেন, ক’ত এইখন খেল?

News18-Assam
Updated:June 19, 2019, 7:41 AM IST
মাত্ৰ ৬ ৰানতে অল আউট, শূন্যত আউট ৯ গৰাকী বেটছমেন, ক’ত এইখন খেল?
সাংকেতিক ফটো

৬ ৰানৰ ভিতৰত ৫ ৰান এক্সট্ৰা, অৰ্থাৎ মাত্ৰ ১ ৰানহে আহিছে বেটৰ পৰা। ৯গৰাকী বেটছমেন আউট হয় শূন্যত।

  • Share this:
ক্ৰিকেটত যিকোনো মুহূৰ্তত যিকোনো ঘটনা হ’ব পাৰে। কিন্তু কোনো দল যদি ৬ ৰানত অল আউট হৈ যায় তেন্তে আপুনি বিশ্বাস কৰিবনে? বিশ্বাস নকৰিলেও এয়াই সঁচা। আচলতে মহিলাৰ টি–২০ ক্ৰিকেটত মাত্ৰ ৬ ৰানত অল আউট হয় এটা দল। এয়া কোনো ক্লাব পৰ্যায়ৰ খেল নহয়, এখন আন্তঃৰাষ্ট্ৰীয় মেচ। ৰাৱাণ্ডাৰ ৰাজধানী কিগালীত অনুষ্ঠিত হৈছিল খেলখন।

মালী আৰু ৰাৱাণ্ডাৰ মাজত হৈছিল খেলখন। প্ৰথমে বেটিং কৰি মালী দলে মাত্ৰ ৬ ৰানত অল আউট হয়। টি–২০ আন্তঃৰাষ্ট্ৰীয় খেলত সৰ্বনিম্ন স্ক’ৰৰ অভিলেখ এয়া। ইয়াৰ পূৰ্বে এই বৰ্ষৰ জানুৱাৰী মাহত চীনৰ মহিলা দলে ১৪ ৰানত অল আউট হৈছিল।

মালী দলটো মাত্ৰ ৯ অভাৰত অল আউট হয়। ইমানেই নহয় ৬ ৰানৰ ভিতৰত ৫ ৰান এক্সট্ৰা, অৰ্থাৎ মাত্ৰ ১ ৰানহে আহিছে বেটৰ পৰা। ৯গৰাকী বেটছমেন আউট হয় শূন্যত। প্ৰত্যুত্তৰত মাত্ৰ ৪ বলতে ৰাৱাণ্ডাই লক্ষ্য অতিক্ৰম কৰে।
আৰু চাওক
পৰৱৰ্তী বাতৰি