• Home
  • »
  • News
  • »
  • world
  • »
  • Shocking: সদাব্যস্ত চাৰিআলিত হঠাৎ ৫০ গৰাকী এয়াৰ হোষ্টেজ উপস্থিত হৈ আৰম্ভ কৰিলে বস্ত্ৰ ত্যাগ!

Shocking: সদাব্যস্ত চাৰিআলিত হঠাৎ ৫০ গৰাকী এয়াৰ হোষ্টেজ উপস্থিত হৈ আৰম্ভ কৰিলে বস্ত্ৰ ত্যাগ!

ইটালীৰ ৫০ গৰাকী এয়াৰ হোষ্টেজে কাপোৰ খুলি (Air Hostesses stripped off uniforms ) বিক্ষোভ প্ৰদৰ্শন কৰে। (Credit- Twitter)

ইটালীৰ ৫০ গৰাকী এয়াৰ হোষ্টেজে কাপোৰ খুলি (Air Hostesses stripped off uniforms ) বিক্ষোভ প্ৰদৰ্শন কৰে। (Credit- Twitter)

ইটালীৰ ৫০ গৰাকী এয়াৰ হোষ্টেজে কাপোৰ খুলি (Air Hostesses stripped off uniforms ) বিক্ষোভ প্ৰদৰ্শন কৰে। (Credit- Twitter)

  • Share this:
সদায় সাজি–কাছি প্লেনত ধুনীয়াকৈ থকা এয়াৰ হোষ্টেজহে আপুনি হয়তো দেখি আহিছে। কিন্তু ইটালীৰ (Italy) ৰোমত (Rome) মানুহ আচৰিত হৈ পৰে যেতিয়া হঠাৎ চাৰিআলিত থিয় হৈ এয়াৰ হোষ্টেজৰ এটা দলে কাপোৰ খুলিবলৈ আৰম্ভ কৰে। মুঠ ৫০গৰাকী এয়াৰহোষ্টেজে (50 air hostesses stripped off ) কোনো হাই–হুলস্থুল নকৰাকৈ নিজৰ কাপোৰ এটা এটাকৈ খুলিবলৈ আৰম্ভ কৰে (Air Hostesses stripped off uniforms ), কাপোৰ খুলি তলত ৰাখে এয়াৰহোষ্টেজৰ দলটোৱে।

দৰাচলতে এয়াৰহোষ্টেজৰ এই দলটোৱে ইটালীৰ নতুন ৰাষ্ট্ৰীয় এয়াৰলাইন্স কোম্পানীত কাম কৰে। তেওঁলোকে কোম্পানীৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শনৰ কাৰণে এই আজৱ পদক্ষেপ গ্ৰহণ কৰে। ITA Airwaysত দৰমহা কৰ্তনক লৈ এই প্ৰতিবাদ কৰে এয়াৰহোষ্টেজসকলে। নিজৰ খং চৰকাৰৰ সন্মুখত প্ৰদৰ্শন কৰি তেওঁলোকে ৰাজপথৰ মাজতে নিজৰ ইউনিফৰ্ম (50 air hostesses stripped off ) খুলি পেলায়।

এয়াৰহোষ্টেজ সকলৰ মতে ITA Airways–এ তেওঁলোকৰ কষ্টৰ বিনিময়ত সফলতাৰ শিখৰত উপনীত হৈছে কিন্তু কোম্পানীয়ে তেওঁলোকৰ সৈতে দুৰ্ঘোৰ অন্যায় কৰিছে। সেইকাৰণে এগৰাকী ফ্লাইট এটেনটেণ্ডক চাকৰিৰ পৰা আঁতৰোৱাৰ বিৰুদ্ধে এনেদৰে তেওঁলোকে বিক্ষোভ প্ৰদৰ্শন কৰে। মাজ পথত ইউনিফৰ্ম খুলি কেৱল অন্তৰ্বাসত বিক্ষোভ প্ৰদৰ্শন কৰে এয়াৰহোষ্টেজসকলে। এওঁলোক আটাইকেইগৰাকীয়ে পূৰ্বে Alitalia Airlines–ত কাম কৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁলোকক ITA Airways–ত চাকৰি দিয়া হয় কিন্তু তেওঁলোকৰ দৰমহা কৰ্তন কৰাৰ লগতে বহুতৰে প্ৰম’চনতো বাধাৰ সৃষ্টি হৈছে।

এয়াৰহোষ্টেজসকলে ইউনিফৰ্ম খুলি ‘আমি সকলো Alitalia’ৰ শ্ল’গান দিয়ে। উল্লেখ্য যে, Alitalia ৰ কৰ্মচাৰীসকলে নতুন ITA Airwaysৰ অধীনত কাম কৰিবলগীয়া হোৱাৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। বহুতৰে চাকৰি গৈছে, কিছুসংখ্যকক কম দৰমহাত ৰখা গৈছে।
First published: