உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • In search of a Girlfriend : ৪১ বছৰীয়া কুমাৰে ৫ বছৰ ধৰি বিচাৰি আছে নিখুঁত প্ৰেয়সী, চৰ্ত শুনি কাষ নাচাপে কোনো ছোৱালী

    In search of a Girlfriend : ৪১ বছৰীয়া কুমাৰে ৫ বছৰ ধৰি বিচাৰি আছে নিখুঁত প্ৰেয়সী, চৰ্ত শুনি কাষ নাচাপে কোনো ছোৱালী

    representative image

    representative image

    In search of a Girlfriend : এই বিজ্ঞাপনটোৰ ৫ বছৰ পাৰ হৈ গ'ল যদিও ডেনিয়েলে আজিলৈ এগৰাকী সংগী বিচাৰি নাপালে। আৰু বহুতৰে আশংকা, ডেনিয়েলৰ এই সন্ধান ছাগে সমাপ্ত নহ'বও পাৰে।

    • Share this:
    আজিকালিৰ কেজুৱেল ৰিলেচনশ্বীপৰ (Casual Relationship) যুগত কোনোবাই যদি এগলমান চৰ্তৰ সৈতে নিজৰ বাবে প্ৰেমিকা বিচাৰি ওলায় তেন্তে সেয়া পৰ্বতত কাছ কণী বিচৰাৰ দৰেই হ'ব।  পিছে অষ্ট্ৰেলিয়া (Australia)ৰ এডিলেইডত এজন লোকে এনেদৰেই কৰিছে প্ৰেমিকৰ সন্ধান। তেওঁ যোৱা ৫ বছৰ ধৰি নিজৰ বাবে নিখুঁত প্ৰেয়সী (Girlfriend)এগৰাকী বিচাৰি আছে, কিন্তু এতিয়ালৈকে কোনেও তেওঁৰ এই অন্বেষণ সমাপ্ত কৰিব পৰা নাই। ইয়াৰ কাৰণ হৈছে লোকজনে তেওঁৰ সংগীৰ বাবে নিৰ্ধাৰণ কৰি দিয়া আচৰিত চৰ্তবোৰ।

    মানুহে সংগী বিচাৰি বাতৰি কাকত নাইবা সামাজিক মাধ্যমকে ধৰি ডেটিং এপ (Dating App)ৰ আশ্ৰয় লয়। এনে বিজ্ঞাপনত সংগীৰ গুণবোৰেj উল্লেখ  থাকে। পিছে যদি কোনোবাই বিচাৰে যে তেওঁৰ সংগীৰ ইয়াৰ পূৰ্বে কোনো সম্পৰ্ক থাকিব নালাগিব, অন্ততঃ ৪১ বছৰ বয়সত এয়া পোৱাটো একপ্ৰকাৰ অসম্ভৱ ! কৰ্মকেই ধৰ্ম (Workaholic) বুলি মানি অহা এজন অষ্ট্ৰেলিয়ান লোকে তেওঁৰ প্ৰেমিকা বিচাৰি বাতৰিকাকতত এনে কিছুমান চৰ্ত দিছে যিবোৰ দেখি-পঢ়ি সকলো অবাক।

    অষ্ট্ৰেলিয়াৰ ডেনিয়েল পাইচনিক নামৰ এই লোকজনৰ বয়স ৪১ বছৰ। ডেনিয়েলৰ দাবী যে তেওঁ এতিয়াও কুমাৰ (Virgin) আৰু এতিয়া তেওঁ ডেটিং কৰাৰ বাবে গাৰ্লফ্ৰেইণ্ড বিচাৰি আছে। ডেনিয়েলে ২০১৬ চনত এগৰাকী সংগীৰ সন্ধানত এটা বিজ্ঞাপন প্ৰকাশ কৰিছিল। এডিলেইডৰ ছিংগল লোক বুলি (Single Guy From Adelaide) হিচাপে প্ৰকাশিত বিজ্ঞাপনটোৰ বাবে ডেনিয়েলে যথেষ্ট পৰিমাণৰ ধনো খৰচ কৰিছিল। বিজ্ঞাপনটো প্ৰকাশ হোৱাৰ লগে লগে শিৰোনাম দখল কৰিছিল। কিন্তু এই বিজ্ঞাপনটোৰ ৫ বছৰ পাৰ হৈ গ'ল যদিও ডেনিয়েলে আজিলৈ এগৰাকী সংগী বিচাৰি নাপালে। আৰু বহুতৰে আশংকা, ডেনিয়েলৰ এই সন্ধান ছাগে সমাপ্ত নহ'বও পাৰে। ৫ বছৰে ডেনিয়েলৰ চৰ্ত পূৰণ কৰিব পৰা কোনো মহিলা ওলাই নহাটো এক ডাঙৰ ৰহস্য।

    ডেনিয়েলৰ বিজ্ঞাপনত এইদৰে কোৱা হৈছে: 'তেওঁ এনে এজনী ছোৱালী বিচাৰি আছে, যাৰ ৰিলেচনশ্বীপ অভিজ্ঞতা (Relationship experience) তেওঁৰ দৰেই শূন্য হোৱাটো উচিত। তেওঁ এনে এজনী ছোৱালী বিচাৰে যি এতিয়ালৈকে নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰি জীৱন অতিবাহিত কৰিছে আৰু সঠিক সময়ৰ বাবে অপেক্ষা কৰি আছে।'

    ডেনিয়েলে তেওঁৰ সংগীৰ বাবে বয়সৰ কোনো সীমা নিৰ্ধাৰণ কৰা নাই, যদিও তেওঁ বিচাৰে যে ছোৱালীজনী শিক্ষিত আৰু বিচক্ষণ হওক আৰু তেওঁৰ বৌদ্ধিক স্তৰৰ জোখৰ হওক। তেওঁ দৰ্শন, সাহিত্য, বিজ্ঞান বা যিকোনো শৈক্ষিক বিষয়ৰ কথা পাতিবলৈ ভাল পায়। ডেনিয়েলে কৈছে যে তেওঁ এতিয়ালৈকে তেনেকুৱা কাকো বিচাৰি পোৱা নাই। ডেনিয়েলে কয় যে তেওঁ যদি এনে ছোৱালী এজনী পাই যায় তেওঁক নিজৰ সকলোখিনি দিবলৈ সাজু।
    Published by:Manjumoni Borah
    First published: